ETV Bharat / state

ডিফুত ৭০ বছৰীয়া বৃদ্ধক গুলীয়াই হত্যা - diphu

ডিফুত শুকুৰবাৰে নিশা কোনো অজ্ঞাত দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱাইছে এগৰাকী 70 বছৰীয়া বৃদ্ধই ৷ আৰক্ষীয়ে বৰ্তমানলৈকে হত্যাকাৰীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

AS10035#DIPHU#6/11/2021# OLD FARMER MURDERD AT DIPHU
ডিফুত ৭০ বছৰীয়া বৃদ্ধক গুলিয়াই হত্যা
author img

By

Published : Nov 7, 2021, 9:45 AM IST

ডিফু, 7 নৱেম্বৰ : ডিফুত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ শুকুৰবাৰে নিশা কোনো অজ্ঞাত দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱাইছে এগৰাকী 70 বছৰীয়া বৃদ্ধই ৷ শনিবাৰে নিহত বুৰা ৰংফাৰৰ পুত্ৰই ডিফু আৰক্ষীক ফোনযোগে তেওঁৰ পিতৃক কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা বুলি অৱগত কৰে ৷

ডিফু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে খুবুঙে সাংবাদিকক জনায় যে, বুৰা ৰংফাৰে ডিচামা মন তেৰাং গাঁৱত থকা এটি জুপুৰী ঘৰত শুই থকা অৱস্থাতে ৫ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে হাতে হাতে বন্দুক লৈ আহি গুলীয়াই থৈ যায় ৷ পৰৱৰ্তী সময়ত এই কথা ফোনযোগে ৰংফাৰৰ পুত্ৰ ৰাজেন ৰংফাৰে আৰক্ষীক অৱগত কৰে ৷ এই খবৰ লাভ কৰি ততালিকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটি দল ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

বুৰা ৰংফাৰৰ পৰিয়ালৰ লোকে ডিফু থানাত এজাহাৰ দাখিল কৰি দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ আৰক্ষীয়ে বৰ্তমানলৈকে হত্যাকাৰীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও অনুসন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ক'ভিড 19 ৰ বাবে বহুকেইটা গুৰুত্বপূর্ণ গোচৰৰ তদন্তত স্থবিৰতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.