ETV Bharat / state

স্নাতকোত্তৰ পৰীক্ষাত সোণৰ পদকেৰে ডিফুলৈ গৌৰৱ কঢ়িয়ালে বন্দনা গগৈয়ে - MA EXAM

তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম এ পৰীক্ষাত অৱতীৰ্ণ হৈ বিশ্ববিদ্যালয় খনৰ প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত 'ক' + গ্ৰেড লৈ সোণৰ পদকৰ মৰ্যদাসহ উত্তীৰ্ণ হয় বন্দনা ৷

স্নাতকোত্তৰ পৰীক্ষাত সোণৰ পদকেৰে ডিফুলৈ গৌৰৱ কঢ়িয়ালে বন্দনা গগৈয়ে
author img

By

Published : Jun 16, 2019, 7:58 PM IST

ডিফু, ১৬ জুন:- তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাহাৰীয়া জিলা কাৰ্বি-আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিফুৰ জীয়ৰী বন্দনা গগৈয়ে ৷ প্ৰাপ্ত খবৰ অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যয়নৰত বন্দনা গগৈয়ে ২০১৮- ১৯ বৰ্ষত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম এ পৰীক্ষাত অৱতীৰ্ণ হৈ বিশ্ববিদ্যালয় খনৰ প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত 'ক' + গ্ৰেড লৈ সোণৰ পদকৰ মৰ্যদাসহ উত্তীৰ্ণ হয় ৷ বন্দনা গগৈয়ে ডিফু ডনবস্ক' হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰি ডিব্ৰুগড় ছল্ট ব্ৰুক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক আৰু গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ বন্দনা গগৈ ডিফু চহৰৰ ধৰমনালা নিবাসী পূৰ্ণানন্দ গগৈ আৰু টুলুমনি ৰাজকুমাৰী গগৈৰ কন্যা ৷ বন্দনা গগৈয়ে ভৱিষ্যতলৈ শিক্ষা বিভাগত পিএইছডি কৰাৰ লগতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনতে পুহি ৰাখিছে ৷ উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ত হ’বলগীয়া সমাৱেশত বন্দনা গগৈক সোণৰ পদকেৰে সন্মানিত কৰিব বুলিও জানিব পৰা গৈছে ৷

Intro:বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰস্নাতকোত্তৰ পৰীক্ষাত ডিষ্টিংছন সহ উত্তীৰ্ণ হৈ ডিফুলৈ গৌৰৱ কঢ়িয়াই আনিলে বন্দনা গগৈয়ে ৷

ডিফু, ১৬ জুন:- এমএ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাহাৰীয়া জিলা কাৰবি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিফুৰ জীয়ৰী বন্দনা গগৈয়ে ৷ প্ৰাপ্ত খবৰ অনুসৰি তেজপুৰ বিশ্ববিদ্যালয় শিক্ষা বিভাগৰ অধ্যয়ণৰত বন্দনা গগৈয়ে ২০১৮- ১৯ বৰ্ষত তেজপুৰ বিশ্ব বিদ্যালয়ৰ পৰা এম পৰীক্ষাত অৱতীৰ্ণ হৈ বিশ্ববিদ্যালয় খনৰ প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত 'ক' + গ্ৰেড লৈ সোণৰ পদকৰ মৰ্যদাসহ উত্তীৰ্ণহৈ কাৰবি আংলঙ জিলাৰ লগতে ডিফুলৈ গৌৰৱ কঢ়ি়য়াই আনিবলৈ সক্ষম হৈছে ৷ বন্দনা গগৈয়ে ডিফু ডনবস্ক' হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰি, ডিব্ৰুগড় ছল্ট ব্ৰুক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক আৰু গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ বন্দনা গগৈ ডিফু চহৰৰ ধৰমনালা নিবাসী পূৰ্ণানন্দ গগৈ আৰু টুলুমনি কাজকুমাৰী গগৈৰ কণ্যা ৷ বন্দনা গগৈয়ে ভৱিষ্যতলৈ শিক্ষা বিভাগত পিএইছডি কৰাৰ লগতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনতে পুহি ৰাখিছে ৷ উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ত হবলগীয়া সমাবেশত বন্দনা গগৈক সোণৰ পদকেৰে সন্মানিত কৰিব বুলিও জানিব পৰা গৈছে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:***********---- Conclusion:********--**********
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.