ETV Bharat / state

আন্তৰ্জাতিক শিশু কন্যা দিৱস উপলক্ষে ডিফুত DLSৰ আইনী সজাগতা সভা - legal awarness programe

আন্তঃৰাষ্ট্ৰীয় কন্যা সন্তান দিৱসৰ লগত সংগতি ৰাখি ডিফু ছোৱালী মহাবিদ্যালয়ত আয়োজন কৰা হয় এক আইনী সজাগতা ৷ এই সভাতে পকছো (POCSO), কন্যা শিশু সৰবৰাহ, শিশু শ্ৰমিক, বাল্য বিবাহ আদিৰ বিষয়ে আলোচনাও কৰা হয় ৷

legal awarness programe on International Girl Child Day
আন্তৰ্জাতিক শিশু কন্যা দিৱস উপলক্ষে DLS ৰ আইনী সজাগতা সভা
author img

By

Published : Oct 9, 2021, 10:02 AM IST

ডিফু, 9 অক্টোবৰ : আন্তঃৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস(International Girl Child Day)ৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলা ন্যায়সেৱা প্ৰাধিকৰণ(DLS)ৰ উদ্যোগত শুকুৰবাৰে ডিফু ছোৱালী মহাবিদ্যালয়ত এখনি আইনী সজাগতা সভা অনুষ্ঠিত কৰা হয় । বিশেষকৈ পকছো (POCSO), কন্যা শিশু সৰবৰাহ, শিশু শ্ৰমিক, বাল্য বিবাহ আদিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লগতে এই সন্দৰ্ভত আইনী দিশসমূহৰ সম্পৰ্কে আলোচনা কৰা হয় ।

অধিবক্তা ৰশ্মি ভড়ালীয়ে সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই সন্দৰ্ভত সবিশেষ ব্যাখ্যা দাঙি ধৰে । মহাবিদ্যালয়খনৰ ছাত্ৰীসকলৰ লগতে অধ্যক্ষা নিলোফাৰ বেগম উপস্থিত থকা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপিকা ডুৰমিলি হাঞ্চেপীয়ে । সাংবাদিকৰ সৈতে বাৰ্তালাপত ডিফু ন্যায়িক আদালতৰ অধিবক্তা ৰশ্মি ভড়ালীয়ে কয় যে, সমাজৰ পৰা শিশু শ্ৰম, বাল্য বিবাহ, শিশু সৰবৰাহ, শিশু সকলৰ মাজত যৌন অপৰাধৰ অনুপাত হ্ৰাস কৰাৰ বাবে প্ৰতিজন অভিভাৱক আৰু সচেতন লোক আগবাঢ়ি আহিব লাগিব ৷

এনে সামাজিক ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ উপযুক্ত পদক্ষেপ লৈ সমাজত সজাগতা সৃষ্টি কৰিব লাগিব ৷ ইয়াৰ লগতে বৰ্তমান শিশু অপৰাধ সুৰক্ষাৰ বাবে থকা পকছো আইনখন অধিক শক্তিশালী হ’বযেতিয়া সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ দায়িত্ব বুজি এনে অপৰাধ ৰোধৰ বাবে নিজৰ সহযোগিতা আগবঢ়াব বুলিও কয় অধিবক্তাগৰাকীয়ে ৷

আনহাতে, পকছো (POCSO) আইনৰ ক্ষেত্ৰত জিলা আইন সেৱা প্ৰাধিকৰণে ভুক্তভোগী শিশুৰ গোপনীয়তা ৰক্ষা কৰি আইনী সাহাৰ্য আগবঢ়ায় ৷ বিশেষকৈ এই আইনৰ ভুক্তভোগী শিশুৰ সাহাৰ্য প্ৰাপ্তৰ বাবে DLS (District Legal Service) এই সুবিধা প্ৰদান কৰে ৷

লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত আঢ়ৈ কোটি টকাৰ মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.