ডিফু,2 ডিচেম্বৰঃ বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় দহখনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷
অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় ৷ ঘটনাস্থলীত চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু ডিমাপুৰৰ পৰা অহা দুখনকৈ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও প্ৰায় লক্ষ্যাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷
লগতে পঢ়ক-বিশ্বনাথৰ প্ৰায় 10 শতাধিক মৎস্যজীৱি পৰিয়ালৰ জীৱনলৈ নামিছে অন্ধকাৰ