ডিফু, ৪ জুন:- কাৰ্বি আংলঙৰ মাজেৰে যোৱা ৩৬ আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জৰাজীৰ্ণ আৰু বিধ্বস্তৰূপত অতিষ্ঠ ৰাইজ ৷ ৰাষ্ট্ৰীয় ঘাইপথ দুটাত সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথচোৱা মেৰামতিৰ বাবে জিলাখনৰ ছাত্ৰ সংগঠন কেএছএ আৰু কে আৰ এছ এৰ সদস্যসকলে ১৪ মাইলৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত মঙলবাৰে মাছ ধৰি আৰু ভূঁই ৰুই সাব্যস্ত কৰে প্ৰতিবাদ ৷ জিলাখনৰ মাজেৰে যোৱা নাগালেণ্ড আৰু মণিপুৰ সংযোগী এই ৩৬ আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰেই ৰাজ্য দুখনৰ সৈতে ব্যৱসায় বাণিজ্য কৰে ৰাইজে ৷
ইপিনে এই দুই গুৰুত্বপূৰ্ণ ঘাইপথেৰেই ৰোগী অনা-নিয়া কৰা হয় যদিও পথৰ দুৰৱস্থাৰ বাবেই বহু ৰোগীয়ে আদবাটতে মৃত্যুক সাৱতিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে ৷ সেয়েহে সংগঠন দুটাৰ দাবী অতি শীঘ্ৰেই মেৰামতি কৰক ৰাষ্ট্ৰীয় ঘাইপথ দুটা ৷