ETV Bharat / state

চুমিলা ৰংহাঙপীৰ ন্যায়ৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Apr 30, 2021, 9:44 PM IST

কাৰ্বি জীয়ৰী চুমিলা ৰংহাঙপীৰ হত্যাকাৰীক ফাঁচীৰ দাবীত কাৰ্বি আংলঙ জিলাৰ ফুলনিত প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে অৰ্ধ উলংগ দেহত "উই ৱাণ্ট জাষ্টিছ, চুমিলা ৰংহাঙপীৰ হত্যাকাৰীক ফাঁচী দিয়ক, ন' জাষ্টিছ ন' ৰেষ্ট, আমাক ন্যায় লাগিবই আদি বিভিন্ন শ্ল'গান লিখি সাব্যস্ত কৰে প্ৰতিবাদ ৷

ksa resume protest for justice lt sumila ranghampi
চুমিলাৰ ৰংহাঙপীৰ ন্যায়ৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ডিফু, 30 এপ্ৰিল : অতি অমানৱীয় আৰু বৰ্বৰতাৰে ৰহাত হত্যা কৰা কাৰ্বি জীয়ৰী চুমিলা ৰংহাঙপীৰ হত্যাকাৰীক ফাঁচীৰ দাবীত পাহাৰীয়া জিলা কাৰ্বি আংলঙত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ ৷ যোৱাকালি বিয়লি ফুলনিত কাৰ্বি আংলং জিলা সমিতিয়ে প্ৰয়াত চুমিলা ৰংহাঙপীৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে ফুলনি বজাৰত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চুমিলা ৰংহাঙপীৰ প্ৰতিচ্ছবি সম্বলিত প্লে' কাৰ্ড হাতে হাতে লৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷

প্ৰতিবাদকাৰী সকলে, "উই ৱাণ্ট জাষ্টিছ, চুমিলা ৰংহাঙপীৰ হত্যাকাৰীক ফাঁচী দিয়ক, ন' জাষ্টিছ ন' ৰেষ্ট, আমাক ন্যায় লাগিবই আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ একাংশ প্ৰতিবাদকাৰীক অৰ্ধ উলংগ দেহত বিভিন্ন প্ৰতিবাদী শ্ল'গান অংকন কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক :বিশিষ্ট সাংবাদিক ৰোহিত সৰদানাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.