ETV Bharat / state

ডাঃ নোমল মমিনৰ বিৰুদ্ধে সৰৱ কার্বি ছাত্ৰ সন্থা

author img

By

Published : Mar 16, 2021, 10:08 PM IST

বিধায়ক ডাঃ নোমল মমিনৰ বিৰুদ্ধে সৰৱ কেএছএ সহ কেইবাটাও সংগঠন ৷ বিধায়ক গৰাকীৰ বিৰুদ্ধে জনজাতি আৰু অ-জনজাতিসকলৰ মাজত বিভাজন সৃষ্টি কৰাৰ অভিযোগ তুলি এইবেলি নিৰ্বাচনত বোকাজানৰ কংগ্রেছ দলৰ প্রার্থী ৰতন ইংতিলৈ মুকলি সমর্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে সংগঠনকেইটাই ৷

ksa-pressmeet-against-dr-nomal-momin
ডাঃ নোমল মমিনৰ বিৰুদ্ধে সোচ্চাৰ কার্বি ছাত্ৰ সন্থা

ডিফু,16 মাৰ্চ: বোকাজানৰ বিজেপি দলৰ প্রার্থী তথা বিধায়ক ডাঃ নোমল মমিনৰ বিৰুদ্ধে সৰৱ হৈ পৰে কার্বি ছাত্ৰ সন্থা চমুকৈ কেএছএকে ধৰি জিলাখনৰ কেইবাটাও সংগঠনে । মঙলবাৰে ডিফুত এক সংবাদমেল সম্বোধন কৰি সংগঠনকেইটাই বোকাজানৰ বিজেপিৰ প্রার্থীগৰাকীৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰাৰ লগতে তেওঁক পৰাস্ত কৰাৰ স্বার্থতেই বোকাজানৰ কংগ্রেছ দলৰ প্রার্থী ৰতন ইংতিলৈ মুকলি সমর্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷

কার্বি ছাত্র সন্থাৰ সভাপতি চেমিয়ন ৰংফাৰে সংবাদমেলযোগে উল্লেখ কৰা অনুসৰি, 2016 চনতে বোকাজানৰ পৰা বিধানসভালৈ নির্বাচিত হোৱা বিধায়ক ডাঃ নোমল মমিনে বিগত সময়চোৱাত কেৱল জনজাতি আৰু অ-জনজাতিসকলৰ মাজত বিভাজন সৃষ্টি কৰাৰ চেষ্টা কৰি আহিছে । জনজাতি আৰু অ-জনজাতিসকলৰ মাজত এক বিশৃংখলতাৰ সৃষ্টি কৰি এইসকল লোকক বিভাজন কৰাত বিধায়কগৰাকী জড়িত হৈ আছে ৷ গতিকে এইবাৰৰ নির্বাচনত এক পৰিবর্তনৰ জৰিয়তে এনে সাম্প্রদায়িক নেতা যাতে পুনৰ বিধানসভালৈ নির্বাচিত হোৱাৰ সুযোগ নাপায়, তাৰ ব্যৱস্থা গ্রহণ কৰাৰ আহবান জনায় সভাপতি গৰাকীয়ে ।

ডাঃ নোমল মমিনৰ বিৰুদ্ধে সৰৱ কার্বি ছাত্ৰ সন্থা

আনহাতে, সংবাদমেলত বুধবাৰে মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিনত বাকী দলৰ প্রার্থীসকলক কাইলৈৰ ভিতৰত মনোনয়ন প্রত্যাহাৰ কৰি কংগ্রেছ দলৰ প্রার্থী ৰতন ইংতিৰ বিজয়ৰ পথ সুগম কৰাৰ বাবে আহ্বান জনায় । সংবাদমেলখনত কাৰ্বি ছাত্র সন্থাৰ লগতে উপস্থিত থাকে কাৰ্বি আংলং উইমেন জাষ্টিছ ফ’ৰাম, ষ্টুডেণ্ট ইয়ুথ কাউঞ্চিল, এছ ৱাই জে, ইউনাইটেড কাৰ্বি আলং উইমেন এছ’চিয়েছন আদি সংগঠনৰ নেতৃবৰ্গ ৷

লগতে পঢ়ক : ৰাইজৰ দলৰ ৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.