ETV Bharat / state

Health minister at Diphu: জিলাখনৰ টীকাকৰণৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে

author img

By

Published : Dec 13, 2021, 9:57 PM IST

কাৰ্বি আংলং জিলাৰ ক'ভিড ভেকচিনেচৰ অগ্ৰগতিৰ বুজ ল'লে কেশৱ মহন্তই(Keshav Mahanta review the covid vaccination status ) ৷ কাৰ্বি আংলঙৰ কেইবাটাও অঞ্চল ভ্ৰমণ কালতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, কাৰ্বি আংলঙত ১৯২ খন গাঁৱতহে সম্পূৰ্ণ হৈছে ১০০ শতাংশ ভেকচিনেচন ৷ আনহাতে ১৭৫ খন গাঁৱত ৯০ শতাংশৰ ওপৰত ভেকচিন প্ৰদান কৰা হৈছে ৷ ৭৫ খন গাঁৱত হৈছে ৫০ শতাংশতকৈ কম ভেকচিনেচন ৷

vaccination status under the Har Ghar Dastak campaign
ভেকচিনেচনৰ অগ্ৰগতি বুজ ল'লে স্বাস্থ্যমন্ত্ৰীয়ে

ডিফু, ১৩ ডিচেম্বৰ : 'হৰ ঘৰ দস্তক' অভিযানৰ অধীনত ক'ভিডৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতি বুজ ল'বলৈ (Har Ghar Dastak campaign in karbi anglong) সোমবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ এই উদ্দেশ্যে সোমবাৰে পুৱাৰ ভাগত ডিফু উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ স্বাস্থ্য বিভাগ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্মচাৰী সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়(Keshav Mahanta review the covid vaccination status) ৷

বৈঠকৰ পিছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যৰ চুকে-কোণে ক'ভিড-১৯ নিৰ্মূলৰ বাবে মেগা ভেকচিনেচন অভিযান আৰম্ভ কৰি প্ৰায় এশ শতাংশ সফলতা লাভ কৰিছে যদিও দুই পাৰ্বত্য জিলা আৰু কৰিমগঞ্জ জিলাত এশ শতাংশ ভেকচিনেচন সম্পন্ন কৰিব পৰা নাই ৷ সেয়ে, কাৰ্বি আংলঙত পুনৰ বিশেষ ভেকচিন প্ৰদানৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, কাৰ্বি আংলঙত ১৯২ খন গাঁৱতহে সম্পূৰ্ণ হৈছে ১০০ শতাংশ ভেকচিনেচন ৷ আনহাতে ১৭৫ খন গাঁৱত ৯০ শতাংশৰ ওপৰত ভেকচিন প্ৰদান কৰা হৈছে ৷ ৭৫ খন গাঁৱত হৈছে ৫০ শতাংশতকৈ কম ভেকচিনেচন ৷ গতিকে এনে ক্ষেত্ৰত জিলাখনত ১০০ টা স্বাস্থ্য কৰ্মীৰ দলে বিশেষভাৱে চলাব এই ভেকচিনেচন অভিযান ৷ ইয়াৰ বাবে গাঁৱতে বাহৰ পাতি স্বাস্থ্য কৰ্মীৰ দলে চলাব ভেকচিন প্ৰদান প্ৰক্ৰিয়া(Covid vaccination status in karbi anglong) ৷

লগতে পঢ়ক: 4 new Omicron cases in Jaipur : জয়পুৰত পুনৰ চাৰিজন লোকৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি

ইফালে, চুবুৰীয়া জিলাসমূহৰ পৰা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ ৩৭ টা দল কাৰ্বি আংলঙত উপস্থিত হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে তেওঁ কয়, দুৰ্গম যাতায়ত আৰু অপপ্ৰচাৰৰ বাবে কাৰ্বি আংলঙত নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হোৱা নাই ১০০ শতাংশ ভেকচিনেচন ৷ তদুপৰি কাৰ্বি আংলঙৰ বহু চৰকাৰী কৰ্মচাৰী, গাঁওবুঢ়াই গ্ৰহণ কৰা নাই কভিড ভেকচিন ৷ ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ নিদিলে চৰকাৰী কৰ্মচাৰীয়ে কোনো দৰমহা লাভ নকৰিব বুলি সকীয়াই দিছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মানজা, বকলীয়াঘাট, ডকমকা, টুমপ্ৰেং, ডংকামোকাম আদি অঞ্চল ভ্ৰমণ কৰে আৰু স্বাস্থ্য কৰ্মী, গাঁওবুঢ়া, স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি ক'ভিড ভেকচিনেচনৰ প্ৰক্ৰিয়া সন্দৰ্ভত বুজ লয় ৷

লগতে পঢ়ক:Covid 19 Update : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.