ETV Bharat / state

ডিফু চিকিৎসা মহাবিদ্যালয়ত ২১ খন নতুন আইচিইউ বিচনা মুকলি

author img

By

Published : Jun 15, 2021, 3:36 PM IST

সোমবাৰে কাৰ্বি আংলঙৰ ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Diphu Medical College Hospital)ৰ ২১ খন নতুন ক'ভিড আই চি ইউ বিচনা ( Covid ICU Bed) মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই । মন্ত্ৰীগৰাকীয়ে নিশা কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ সৈতে জিলাখনৰ ক'ভিড (Covid 19)পৰিস্থিতি সন্দৰ্ভত পৰিষদ সচিবালয়ত এক বৈঠকতো মিলিত হয় ।

Keshab Mahanta
ডিফু চিকিৎসা মহাবিদ্যালয়ত ২১ খন নতুন আইচিইউ বিচনা মুকলি

ডিফু, ১৫ জুন : ক'ভিড (Covid 19) পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰতিদিনে বিভিন্ন জিলালৈ ভ্ৰমণ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)। স্বাস্থ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ কেশৱ মহন্ত (Keshab Mahanta) এইবাৰ উপস্থিত হ'ল পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফু চিকিৎসা মহাবিদ্যালয় (Diphu Medical College Hospital)ত ।

মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ২১ খন নতুন ক'ভিড আই চি ইউ বিচনা ( Covid ICU Bed) মুকলি কৰে । ইয়াৰ লগে লগে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত (DMCH) ক'ভিড আই চি ইউ বিচনাৰ সংখ্যা ৪০ খনলৈ বৃদ্ধি পালে । মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঠনিৰো বুজ লয় ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত জমা হোৱা পানী নিষ্কাষণৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱা হ'ব বুলি কয় মন্ত্ৰীগৰাকীয়ে । ৰাজ্যৰ নতুন চিকিৎসা মহাবিদ্যালয় কেইখনত পৰ্যাপ্ত চিকিৎসা সেৱা বৰ্তমানেও উপলব্ধ হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে । পশ্চিম কাৰ্বি আংলঙত ক'ভিড (Covid 19) সংক্ৰমণৰ হাৰ যথেষ্ট কম বুলি উল্লেখ কৰি কাৰ্বি আংলং জিলাত ক'ভিড টীকাকৰণ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা বুলি ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীয়ে ।

মেট্ৰিক (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰি দুই-এদিনতে মুখ্যমন্ত্ৰীয়ে নতুন এছ অ’ পি (SOP) ঘোষণা কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং (Tuliram Ranghang), সাংসদ হৰেণছিং বে, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙৰ উপৰিও স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলে মন্ত্ৰীগৰাকীক সংগ দিয়ে । মন্ত্ৰীগৰাকীয়ে নিশা কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ সৈতে জিলাখনৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত পৰিষদ সচিবালয়ত এক বৈঠকতো মিলিত হয় ।

লগতে পঢ়ক:চাপৰত চিকিৎসা সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.