ETV Bharat / state

১ ছেপ্তম্বৰৰ শ্ৰেণী বৰ্জনৰ হুংকাৰ কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ - কাৰ্বি আংলং শিক্ষক সন্থাৰ প্ৰতিবাদ

বিগত চাৰিমাহে দৰমহাৰ পৰা বঞ্চিত কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাই অহা ১ ছেপ্তম্বৰৰ পূৰ্বে দৰমহা লাভ নকৰিলে ১ ছেপ্তম্বৰৰ পৰা ৫ ছেপ্তম্বৰলৈ শ্ৰেণী বৰ্জন আন্দোলনৰ কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

দৰমহাৰ পৰা বঞ্চিত 'কাপটা'ৰ অহা ১ ছেপ্তম্বৰৰ পৰা ৫ ছেপ্তম্বৰলৈ শ্ৰেণী বৰ্জনৰ হুংকাৰ
author img

By

Published : Aug 17, 2019, 11:11 PM IST

কাৰ্বি আলং, 17 আগষ্ট : বিগত চাৰিমাহৰ পৰা দৰমহাৰ পৰা বঞ্চিত কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাই চমুকৈ কাপটাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ শণিবাৰে কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ কাৰ্যনিৰ্বাহকৰ যুটীয়া বৰ্ধিত সভাত বিষয়টোৰ ওপৰত বিস্তৃত আলোচনা হোৱাৰ পিছত অহা ১ ছেপ্তম্বৰৰ পূৰ্বে দৰমহা লাভ নকৰিলে শ্ৰেণী বৰ্জন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থা চমূকৈ কাপটাৰ সভানেত্ৰী লাংটুপী ৰংপিপী আৰু সম্পাদক প্ৰবীন হাঞ্চেই শণিবাৰে এক সংবাদমেল যোগে আন্দোলনৰ সিদ্ধান্তৰ কথা সদৰি কৰে ৷ সম্পাদক হাঞ্চেই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি কয় যে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে কৰ্মচাৰী সকলৰ দৰমহাৰ বিষয়টো বিবেচনা কৰা উচিত ৷ অনলাইন দৰমহা লোৱাত আপত্তি নাই যদিও আজিকোপতি চৰকাৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ডিডিঅ' কোড আৰু পাছৱৰ্ড প্ৰদান কৰা নাই ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সঞ্জয় হাঞ্চে নামৰ বিষয়া গৰাকীক দায়িত্ব দিছে যদিও বিষয়া গৰাকীৰ গাফিলতিৰ বাবে বিষয়টো আগবঢ়া নাই ৷ সভানেত্ৰী লাংটুপী ৰংহাঙপীয়ে কয় যে আমাৰ অৱস্থা মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী লগতে কাৰবি আলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে উপলব্ধি কৰা উচিত ৷ অন্যথা অহা ১ ছেপ্তম্বৰৰ পৰা ৫ ছেপ্তম্বৰলৈ শ্ৰেণী বৰ্জন কৰিবলৈ বাধ্য হোৱাৰ লগতে শিক্ষক দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিব ৷

Intro:দৰমহাৰ পৰা বঞ্চিত কাপটাৰ অহা ১ ছেপ্তম্বৰৰ পৰা শ্ৰেণী বৰ্জনৰ হুংকাৰ ৷

ডিফু,১৭ ছেপ্তম্বৰ:- বিগত চাৰিমাহৰ পৰা দৰমহাৰ পৰা বঞ্চিত কাৰবি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাইচমুকৈ কাপটাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ চাৰিমাহে দৰমহা নাপাই কৰ্মচাৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আজি কাৰবি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ কাৰ্যনিৰ্বাহকৰ যুটীয়া বৰ্ধিত সভাত বিষয়টোৰ ওপৰত বিস্তৃত আলোচনা হোৱাৰ পিছত অহা ১ ছেপ্তম্বৰৰ পূৰ্বে দৰমহা লাভ নকৰিলে শ্ৰেণী বৰ্জন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আজি এক সংবাদমেলত কাৰবি আংলং প্ৰাথমিক শিক্ষক সন্থা চমূকৈ কাপটাৰ সভানেত্ৰী , সম্পাদক ক্ৰমে, লাংটুপী ৰংপিপী আৰু প্ৰবীন হাঞ্চেই এক সংবাদমেল যোগে আন্দোলনৰ সিদ্ধান্তৰ কথা সদৰি কৰে ৷ সম্পাদক হাঞ্চেই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি কয় যে, অসম চৰকাৰ আৰু কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে কৰ্মচাৰী সকলৰ দৰমহাৰ বিষয়টো বিবেচনা কৰা উচিত ৷ অনলাইন দৰমহা লোৱাত আপত্তি নাই যদিও আজিকোপতি চৰকাৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ডিডিঅ' কোড আৰু পাছৱড প্ৰদান কৰা নাই ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে সঞ্জয় হাঞ্চে নামৰ বিষয়া গৰাকীক দায়িত্ব দিছে যদিও বিষয়টো আগবঢ়া নাই ৷ পৰিষদৰ প্ৰধান সচিবে ৫ আগষ্টতহে বিত্ত বিভাগলৈ ডিডিঅ' কোড আৰু পাছৱড বিচাৰি পত্ৰ দিছে ৷ পৰিষদৰ জ্যেষ্ঠ গাণণিক বিষয়া গৰাকীৰ গাফিলতিৰ বাবেই নৱেম্বৰ, ডিচেম্বৰ মাহলৈকে শিক্ষক সকলে দৰমহা লাভ কৰাৰ সম্ভাৱনা নাই ৷ আনহাতে সভানেত্ৰী লাংটুপী ৰংহাঙপীয়ে কয়যে, আমাৰ অৱস্থা মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰৱ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে উপলব্ধি কৰা উচিত৷ আমি বাধ্যত পৰি অহা ১ ছেপ্তম্বৰৰ পৰা ৫ ছেপ্তম্বৰলৈ শ্ৰেণী বৰ্জন কৰিবলৈ বাধ্য হ'ম ৷ শিক্ষক দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিম ৷ প্ৰাথমিক শিক্ষক সন্থাৰ এনে কাৰ্যৰ্সূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত পিছত কাৰবি স্বায়ত্ত শাসিত পৰিষদে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ৷

ছাইদুল ইছলাম, ডিফুBody:****-------Conclusion:****----------
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.