ETV Bharat / state

তিনিমাহে দৰমহাৰ পৰা বঞ্চিত কাৰ্বি আংলঙৰ চৰকাৰী কৰ্মচাৰী - কাৰ্বি আংলং

তিনিমাহে দৰমহাৰ পৰা বঞ্চিত কাৰ্বি আংলঙৰ চৰকাৰী কৰ্মচাৰী ৷ কাৰ্বি পৰিষদৰ প্ৰধান সচিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷ অনলাইন বা অফলাইন, যিকোনো পদ্ধতিতেই হওক শীঘ্ৰে কৰ্মাচাৰী সকলৰ দৰমহা মোকলাই দিয়াৰ আহ্বান কৰ্মচাৰী সকলৰ ৷

কিয় তিনিমাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছে কাৰ্বি আংলঙৰ চৰকাৰী কৰ্মচাৰী ?
author img

By

Published : Jul 24, 2019, 11:19 PM IST

ডিফু, ২৪ জুলাইঃ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মাজত সৃষ্টি হোৱা অনলাইন-অফলাইন সমস্যাৰ বাবেই অৰ্থ সংকটত ভুগিছে বিগত তিনিমাহৰ পৰা দৰমহা বঞ্চিত কৰ্মচাৰীসকল ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে বুধবাৰে পৰিষদৰ প্ৰধান সচিবক এক স্মাৰক পত্ৰ অৰ্পণ কৰি অতিশীঘ্ৰে অনাদায় দৰমহা মুকলি কৰি দিবলৈ আহ্বান জনায় ৷ লগতে বুধবাৰে পৰিষদৰ সচিবালয়ত কৰ্মচাৰীসকলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক এই সন্দৰ্ভত অৱগত কৰে ৷ উল্লেখ্য যে মুখ্য কীৰ্যবাহী সদস্য গৰাকীয়ে অহা আগষ্ট মাহৰ ভিতৰত কৰ্মচাৰী সকলৰ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰাৰ কথা কৰ্মচাৰীসকলে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷

Intro:তিনিমাহে দৰমহাৰ পৰা বঞ্চিত কাৰবি আংলঙৰ চৰকাৰী কৰ্মচাৰী৷ কাৰবি পৰিষদৰ প্ৰধান সচিবলৈ স্মাৰক পত্ৰ ৷

**অনলাইন বা অফলাইন, যিকোনো পদ্ধতিতেই হওক শীঘ্ৰে কৰ্মাচাৰী সকলৰ দৰমহা মোকলাই দিয়াৰ আহ্বান কৰ্মচাৰী সকলৰ ৷**

ডিফু, ২৪ জুলাই: -ৰাজ্য চৰকাৰ আৰু কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মাজত সৃষ্টি হোৱা অনলাইন অফলাইন সমস্যাৰ বাবেই বিগত তিনিমাহৰ পৰা দৰমহাৰ পৰা বঞ্চিত পানী হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে কৰ্মচাৰী সকলৰ ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ বিভিন্ন বিভান্ন বিভাগৰ কৰ্মচাৰী সকলে আজি পৰিষদৰ প্ৰধান সচিবক এক স্মাৰক পত্ৰ অৰ্পণ কৰি অতি শীঘ্ৰে অনাদায় দৰমহা মুকলি কৰি দিবলৈ আহ্বান জনায় ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত থকা সমন্বয়ৰ অভাবৰ বাবেই কৰ্মচাৰী সকলে কুফল ভুগিব লগা হৈছে ৷ সেয়ে অফলাইন বা অনলাইন যি পদ্ধতিৰেই হওক কৰ্মচাৰী সকলৰ বিগত তিনিমাহৰ দৰমহা মুকলাই দিবলৈ স্মাৰক পত্ৰ খনত উল্লেখ আছে ৷ আজি পৰিষদৰ সচিবালয়ত কৰ্মচাৰী সকলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক এই সন্দৰ্ভত অৱগত কৰোৱা বুলি জানিব দিছে ৷ মুখ্য কীৰ্যবাহী সদস্য গৰাকীয়ে অহা আগষ্ট মাহৰ ভিতৰত কৰ্মচাৰী সকলৰ সমস্যা সমাধান কৰা হব বুলি আশ্বাস প্ৰদান কৰাৰ কথা কৰ্মচাৰী সকলে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ আনহাতে কাৰবি আংলং জিলাৰ মধ্য ইংৰাজী শিক্ষক সন্থায়ো বিষয়টোকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি শীঘ্ৰে সমস্যা সমাধানৰ আহ্বান জনায়৷

ছাইদুল ইছলাম, ডিফু৷

Body:********----Conclusion:*******************
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.