ডিফু, ৩০ ডিচেম্বৰ : চৰকাৰৰ দুৰ্ঘটনামুক্ত অসম গঢ়াৰ প্ৰচেষ্টাত পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিভাগীয় কৰ্তৃপক্ষ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ বছৰৰ অন্তিম আৰু নৱ বৰ্ষৰ প্ৰথমটো দিনত ৰাজ্যৰ ঘাই পথ সমূহত দূৰ্ঘটনাৰ পৰিমান হ্ৰাস কৰিবলৈ কঠোৰ যান-বাহন আইন লাগু কৰাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙত পথ সুৰক্ষাৰ সন্দৰ্ভতো জিলা প্ৰশাসন সষ্টম হৈ পৰিছে (Road safety measurement in Karbianglang) ৷
এইলৈ বৃহস্পতিবাৰে জিলা উপায়ুক্ত দিবাকৰ নাথে এক সংবাদমেলৰ আয়োজন কৰি পথ সুৰক্ষা সন্দৰ্ভত ল’বলগীয়া সজাগতা সন্দৰ্ভত বক্তব্য ৰাখে ৷ উপায়ুক্ত গৰাকীয়ে সদৰি কৰা অনুসৰি, পাহাৰীয়া জিলা কাৰ্বি আংলঙত অহা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰা হৈছে(144 in Karbianglang to ensure road safety ) ৷
মূলতঃ সুৰাপান কৰি বাহন চলোৱা(Drink and drive) , হেলমেট বিহীন, ছীট বেল্ট অবিহনে অতি গতিবেগ আৰু কম বয়সীয়া চালকে বাহন চলোৱাৰ বাবেই অধিক সংখ্যক পথ দুৰ্ঘটনা হোৱা বুলি উল্লেখ কৰি মানুহৰ জীৱন আৰু সু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী দুয়োটা দিনতে জিলাখনত ১৪৪ ধাৰা আৰোপ কৰা হৈছে বুলি জানিব দিয়ে ৷
১৪৪ ধাৰা অব্যাহত থকাৰ সময়ছোৱাত জিলাখনত কোনো লোকে সুৰাপান কৰি বাহন চলোৱাত নিষেধাজ্ঞা জাৰী কৰাৰ লগতে সুৰাৰ বিপণী সমূহৰ সন্মূখত সুৰাপান নকৰাকৈ বাহন চলোৱাৰ নিৰ্দেশনাৰ চাইন বোৰ্ড আঁৰি থোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ লগতে, হেলমেট আৰু ছীট বেল্ট নলগোৱা আৰক্ষীক ইন্ধন বিক্ৰী নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ কম বয়সীয়া চালকৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰী কৰি এই ক্ষেত্ৰত কম বয়সীয়া চালকৰ অভিভাৱকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিছে ৷
আনহাতে, পথ সুৰক্ষাৰ ক্ষেত্ৰত জিলাখনত জিলা প্ৰশাসন, পৰিবহন বিভাগ, আৰক্ষী বিভাগ আৰু আৱকাৰী বিভাগে যৌথভাৱে কাম কৰি আছে বুলি জানিব দিয়ে উপায়ুক্ত গৰাকীয়ে ৷ আনহাতে জিলা পৰিবহণ বিষয়া বিক্ৰমাদিত্য গগৈয়ে সংবাদমেলত জানিব দিয়ে যে, যোৱা ডিচেম্বৰ মাহত জিলাখন কেৱল হেলমেট বিহীন চালকৰ ওপৰত ১০০০ ওপৰত গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ছীট বেল্ট নিপিন্ধাৰ বাবে ৪০০ টা গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ ইয়াৰোপৰি জৰিমনা হিচাপে ই পেইমেণ্ট যোগে ডেৰ লাখ টকা সংগ্ৰহ কৰা হৈছে ৷
লগতে পঢ়ক : আছুক দেখি বেৰিকেড পাৰ হৈ খৰখেদাকৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা