ডিফু, 16 ফেব্ৰুৱাৰী: শান্তি, ঐক্য আৰু সম্প্রীতিৰ মহান বাণীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে 47 সংখ্যক কার্বি যুৱ মহােৎসৱ ৷ কার্বি সকলৰ বর্ণাঢ্য কৃষ্টি সংস্কৃতিৰ চর্চাৰ অন্যতম আকৰ্ষণীয় ক্ষেত্র হিচাপে বিগত সময়ছোৱাত বিশাল সাংস্কৃতিক প্রেক্ষাপটত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা তাৰালাংচ'ত বিগত বর্ষসমূহৰ দৰে আৰম্ভ হৈছে যুৱ মহোৎসৱ ৷
মহোৎসৱৰ দ্বিতীয় দিনাও বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক-কৃষ্টিৰে জিলিকি উঠিল কাৰ্বি সাংস্কৃতিক প্ৰকল্পৰ তাৰালাংচ’ ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পী সকলৰ হাতে হাতে চেংপি, চেংচ', চেংবৰুক, চং আদিৰে শোভাবৰ্দ্ধিত হোৱাৰ লগতে মূৰত পহ' ৱজাৰু, আংনি, পুৰুষৰ গাত চইক' চয়াং,তিৰুতাৰ গাত পিনি, পেকক, কঁকালত ৱামকক, দুই হাতত চংনক আদিৰে কাৰ্বি ৰিচ' নিমচ' সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই পতাকা উত্তোলন থলীত উপস্থিত হয় ৷
সাংস্কৃতিক শোভাযাত্ৰাটিৰ নেতৃত্ব প্ৰদান কৰে কেচিএছৰ সভাপতি চন্দ্ৰচিং ক্ৰ’ই ৷ কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ই ৪৭ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰাৰ পিছত বিভিন্ন বিভিন্ন মঞ্চসমূহৰ শুভাৰম্ভ কৰে ৷
উক্ত কাৰ্যসূচীত কাৰ্বি ৰজাকে প্ৰমুখ্য কৰি বৰেণ্য সাহিত্যিক ৰংবং তেৰাং, কাৰ্বি কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ', সাংসদ হৰেণছিং বে, কাৰ্বি আংলঙৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৰ্গ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য কাৰ্যবাহীসকল উপস্থিত থাকে ৷
ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে উদ্যোক্তা সকলে মহোৎসৱস্থলীত হেলিকপ্তাৰেৰে উৎসৱ চোৱাৰো ব্যৱস্থা কৰিছে ৷ ইচ্ছুক দৰ্শনাৰ্থীয়ে ৩ হাজাৰ টকাৰ মাছুল পৰিশোধ কৰি হেলকাপ্তাৰেৰে ওপৰেৰে যুৱ মহোৎসৱটি উপভোগ কৰিব পাৰিব ৷
লগতে পঢ়ক-বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে 47 সংখ্যক কাৰ্বি মহোৎসৱ আৰম্ভ