ETV Bharat / state

ডিফুৰ পৰা হাওৰাঘাটলৈ কাৰ্বি ছাত্ৰ সন্থাৰ শান্তি আৰু সজাগতামূলক ৰেলী

author img

By

Published : Jun 22, 2022, 9:38 PM IST

বুধবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল কাৰ্বি আংলঙৰ ৰাজপথ ৷ অ-জনজাতিক ভূমি পট্টা প্ৰদান, KAAC ভোটাৰ তালিকাৰ পৰা অ-জনজাতিৰ নাম কৰ্তন কৰা আৰু অজনজাতিক দিয়া ট্ৰেডিং লাইচেন্সৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল কাৰ্বি ছাত্ৰ সন্থা (KSA protest in Karbi Anglong) ৷

Karbi Students Association protest in Karbi Anglong
ডিফুৰ পৰা হাওৰাঘাটলৈ কেএছএৰ দীৰ্ঘ শান্তি আৰু সজাগতামূলক ৰেলী

ডিফু, ২২ জুন : পুনৰ অশান্ত হ’ল কাৰ্বি পাহাৰ ৷ অ-জনজাতিক ভূমি পট্টা প্ৰদান, KAAC ভোটাৰ তালিকাৰ পৰা অ-জনজাতিৰ নাম কৰ্তন কৰা আৰু অ-জনজাতিক প্ৰদান কৰা ট্ৰেডিং লাইচেন্সৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ ৰাজপথত গৰজি উঠিল কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছএই (KSA protest in Karbi Anglong)৷

এই লৈ বুধবাৰে কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছএ (ইংলংফ') গোটে ডিফুৰ কেএছএৰ ৰংখেলানস্থিত মুখ্য কাৰ্যালয়ৰ পৰা হাওৰাঘাটলৈ শান্তি আৰু সজাগতামূলক মটৰ চাইকেল ৰেলী বাহিৰ কৰে (Peace and Awareness Motor Cycle Rally in Karbi Anglong)৷ কেএছএৰ সভাপতি থানছিং তিমুঙ আৰু সাধাৰণ সম্পাদক বুদ্ধ তিমুঙৰ নেতৃত্বত বাহিৰ হোৱা মটৰ চাইকেল ৰেলীত কেএছএৰ প্ৰায় শতাধিক সদস্যই কেএছএৰ পতাকা, বেনাৰ আদিলৈ এই ৰেলীত অংশ গ্ৰহণ কৰে ৷

প্ৰতিবাদমুখৰ হৈ পৰিল কাৰ্বি আংলঙৰ ৰাজপথ

কেএছএই ৰাইজৰ মাজত ক্ৰমে, ভাৰতীয় সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) শীঘ্ৰে ৰূপায়ন, অ-জনজাতিসকলক ট্ৰেডিং লাইচেন্স প্ৰদান নকৰা, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চাকৰি প্ৰদানৰ ক্ষেত্ৰত স্বজনতোষণ নীতি বন্ধ কৰা, অ-জনজাতিসকলক ভূমি পট্টা প্ৰদান নকৰা, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা সকলো অজনজাতি ভোটাৰৰ নাম কৰ্তন কৰা আদি দাবী লৈ ৰাইজৰ মাজত শান্তি আৰু সজগতামূলক এক মটৰ চাইকেল ৰেলী উলিয়ায় ৷

ইফালে বিজেপি নেতাসকলে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে অ-জনজাতিসকলক কাৰ্বি আংলঙত ভূমি পট্টা দিয়া আৰু ট্ৰেডিং লাইচেন্স প্ৰদান কৰা সন্দৰ্ভত ভাষণ দিয়াৰ আগত ষষ্ঠ অনুসূচীৰ বিষয়ে জনা নাছিল নেকি বুলিও সংবাদ মাধ্যমৰ আগত প্ৰশ্ন কৰে কেএছএৰ সভাপতি থানছিঙে ৷

কাৰ্বি আংলঙত অ-জনজাতিসকলক ভূমি পট্টা প্ৰদান, ট্ৰেডিং লাইচেন্স প্ৰদান আদিৰ বিৰোধিতাৰে কেএছএই অবিৰতভাৱে আন্দোলন কৰি যাব বুলিও উল্লেখ কৰে কেএছএৰ সভাপতিগৰাকীয়ে ৷ লগতে বৰ্তমান কাৰ্বি আংলঙত জনজাতিৰ সংখ্য হ্ৰাস পোৱাটো উদ্বেগজনক বুলিও অভিহিত কৰে কেএছএৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক : Decoding Agnipath protests : কৃষি ব্যৱস্থাৰ হতাশা অগ্নিপথ আন্দোলনৰ অন্যতম কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.