ডিফু, 24 জুলাই : দীৰ্ঘদিনীয়া অসম-মেঘালয় সীমা সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ আলোচনা ৷ এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হোৱাৰ পাচতে বিষয়টো সন্দৰ্ভত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছএই ৷ শনিবাৰে বিয়লি কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি সন্থাটোৰ সভাপতি থানচিং তিমুঙে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
থানচিং তিমুঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হোৱা মাজত হোৱা প্ৰথম লানি আলোচনাত 'দিয়া-লোৱা' ব্যৱস্থাৰ মাজেৰে দুয়োখন ৰাজ্যৰ মাজত সীমা সমস্যা সমাধানৰ পোষকতা কৰা হৈছে ৷ এই সন্দৰ্ভত নিজা স্থিতি স্পষ্ট কৰি ছাত্ৰ নেতাগৰাকীয়ে কয় যে, দুয়োখন ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভত দীঘলীয়া আৰু গভীৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ প্ৰসংগ জড়িত হৈ আছে ৷ সেয়েহে চৰকাৰে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে সঠিক আলোচনাৰ মাজেৰে আগবঢ়াটো নিত্যান্তই প্ৰয়োজন ৷ কোনো অপ্ৰত্যাশিত ঘটনা সংঘটিত নোহোৱাৰ বাবেই এনে আলোচনাৰ প্ৰয়োজন বুলি মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷
উল্লেখ্য যে, দুয়োখন ৰাজ্যৰ মাজত থকা 12 টাকৈ বিবাদমান এলেকাৰ অধিকাংশ এলেকাই পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী ৷ সেয়েহে দুয়োখন ৰাজ্যৰ মাজত শান্তিপূৰ্ণ সমাধানৰ নামত পাহাৰীয়া জিলাৰ ভূমি হেৰুৱাবলগীয়া আশংকাই জিলাখনৰ খিলঞ্জীয়া লোকসকলক ভীতিগ্ৰস্ত কৰি তোলা বুলি উল্লেখ কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷ অসম আৰু মেঘালয়ৰ মাজত থকা সমস্যা সমাধানৰ নামত যাতে পশ্চিম কাৰ্বি আংলং কোনো কাৰণতে বলি হ'বলগীয়া নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই নেতাগৰাকীয়ে ৷
ইয়াৰ উপৰিও উত্তৰ-পূৱৰ সকলো ৰাজ্য একত্ৰিত হৈ থকাৰ নীতিক সমৰ্থন কৰি ইয়াৰ বাবে যাতে কোনো পক্ষই নিজৰ ভূমি হেৰুৱাবলগীয়া নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ সংবাদমেল যোগে আহ্বান জনাই নেতাগৰাকীয়ে ৷ সেয়েহে কাৰো ক্ষতি নোহোৱাকৈ দুয়োপক্ষৰ মাজত শান্তিপূৰ্ণ সমাধান কৰাৰ বাবে আহ্বান জনায় ছাত্ৰ সংগঠনটোৱে ৷
লগতে পঢ়কঃ বেদখলকাৰীক শেষ সকিয়নী পীযুষ হাজৰিকাৰ