ETV Bharat / state

লাহৰিজান দুদু কলনিৰ উচ্ছেদক পূৰ্ণ সমৰ্থন দুটাকৈ কাৰ্বি সংগঠনৰ - কাৰ্বি ছাত্ৰ সন্থা

লাহৰিজান দুদু কলনিৰ উচ্ছেদক পূৰ্ণ সমৰ্থন কাৰ্বি আংলঙৰ দুটাকৈ সংগঠনৰ (Karbi organizations supporting Laharijan eviction) ৷ অন্য ঠাইৰ পৰা অঞ্চলটোলৈ গৈ ঘৰ বান্ধি থাকি বহুলোকে নানা অপৰাধ সংঘটিত কৰি থকাৰ অভিযোগ সংগঠন দুটাৰ ৷

Karbi organizations supporting Laharijan eviction
লাহৰিজান দুদু কলনিৰ উচ্ছেদক পূৰ্ণ সমৰ্থন দুটাকৈ কাৰ্বি সংগঠনৰ
author img

By

Published : Dec 30, 2021, 9:39 PM IST

ডিফু, ৩০ ডিচেম্বৰ : অসম -নাগালেণ্ডৰ সীমান্তৱৰ্তী লাহৰিজানৰ দুদু কলনিত অলপতে প্ৰশাসনে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান(Eviction at Laharijan) চলোৱাৰ পিছতে উক্ত অভিযানক কেন্দ্ৰ কৰি কাৰ্বি-আংলং জিলাখনত বিভিন্ন দল-সংগঠনৰ মাজত সূত্ৰপাত হৈছে বাদ-বিবাদৰ ৷ উচ্ছেদ অভিযানৰ পিছতে লাহৰিজানত উপস্থিত হৈ আমছুৰ কেন্দ্ৰীয় সভাপতিয়ে সংবাদমেলযোগে উক্ত উচ্ছেদ অভিযানকলৈ অসন্তুষ্টি ব্যক্ত কৰাৰ (AAMSU president on Laharijan eviction) পিছতে জিলাখনত দল-সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

এইলৈ বুধবাৰে কাৰ্বি ছাত্ৰ সন্থা(Karbi Students' union)ৰ দুটা গোটে আমছুৰ সভাপতি গৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত বৃহস্পতিবাৰে বিয়লি ডিফুৰ জিলা প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সমালচনাত সৰৱ হৈ পৰে জিলাখনৰ দুটাকৈ মহিলা সংগঠন ৷ কাৰ্বি আংলং উইমেন জাষ্টিছ ফ'ৰাম আৰু ইউনাইটেড কাৰ্বি আংলং উইমেন এছ'চিয়েছনৰ নেতৃ বৰ্গই ডিফুত এক সংবাদমেল আয়োজন কৰি লাহৰিজান দুদু কলনিৰ বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

লাহৰিজান দুদু কলনিৰ উচ্ছেদক পূৰ্ণ সমৰ্থন দুটাকৈ কাৰ্বি সংগঠনৰ

সংবাদমেলত সংগঠন দুটাৰ নেতৃবৰ্গই দুদু কলনিৰ উচ্ছেদক পূৰ্ণ সমৰ্থন জনাইছে ৷ সংগঠন দুটাৰ নেতৃবৰ্গই দুদু কলনিত শিলচৰ হাইলাকান্দি, ধিং, বাঘবৰ আদি সমষ্টিৰ পৰা লোক আহি বসতি স্থাপন কৰাৰ লগতে ব্যৱসায় কৰা বুলি উল্লেখ কৰি দুদু কলনি এলেকাত বিগত সময়ছোৱাত ড্ৰাগছৰ ব্যৱসায়, নাৰী ব্যৱসায়কে ধৰি বিভিন্ন অপৰাধমূলক ঘাটীত পৰিণত হৈছে বুলি অভিযোগ কৰে ৷

মাত্ৰ কেইজনমান লোকৰ নামত ভূমি পট্টা থকাৰ বিপৰীতে এলেকাটোত ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বুলি অভিযোগ কৰে মহিলা সংগঠন দুটাই ৷ নিজা আৱাসভূমি থকাৰ পিছতো কাৰ্বি আংলঙত অবৈধভাৱে বসবাস কৰি থকা এই সকল লোকক কেৱল দুদু কলনিয়ে নহয় জিলাখনৰ অন্য স্থানত অবৈধভাবে বসবাস কৰি থকা লোক সকলকো শীঘ্ৰে উচ্ছেদ কৰাৰ বাবে সংবাদমেলযোগে সংগঠন দুটাই দাবী জনায় ৷

লগতে পঢ়ক : আছুক দেখি বেৰিকেড পাৰ হৈ খৰখেদাকৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.