কাৰ্বি আংলং,১৯মে' : দেওবাৰে কাৰ্বি আংলঙৰ ডিলাইত স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক ৷
উল্লেখ্য যে কামিল মিঞ্চ আৰু সুজাতা মিঞ্চে দেওবাৰে পুৱা কামৰ বাবে পথাৰলৈ ওলাই গৈছিল । পথাৰতে স্বামী কামিল মিঞ্চে পত্নী সুজাতা মিঞ্চক দাৰে ঘপিয়ায়। যাৰ ফলত থিতাতে নিহত হয় সুজাতা মিঞ্চৰ । কি কাৰণত লোকজনে এই কাণ্ড সংঘটিত কৰিলে এতিয়াও জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।