ডিফু, ১১ ছেপ্তেম্বৰঃ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত হ'বলগীয় অসম লোকসেৱা আয়োগৰ পৰীক্ষা সংক্ৰান্তত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই শনিবাৰে এক সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত জিলা উপায়ুক্তই সদৰী কৰে যে, ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া APSC ৰ পৰীক্ষাত বহিব কাৰ্বি আংলঙৰ 1300 গৰাকী প্ৰাৰ্থীয়ে ।
তেওঁলোকৰ কাৰণে সাতটা পৰীক্ষা কেন্দ্ৰ সাজু কৰা হৈছে ৷ পৰীক্ষা কেন্দ্ৰ সমূহ ক্ৰমে, ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিফু চৰকাৰী মহাবিদ্যালয়, ডিফু চৰকাৰী মহাবিদ্যালয় ব্লক (এ), ডিফৱ চৰকাৰী মহাবিদ্যালয় (বি), ডিএভি হায়াৰ ছেকেণ্ডাৰী স্কুল, ৰেংবংহম হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু জৱাহৰ নৱোদয় বিদ্যালয় ৷
![Karbi Anglong District commissioner Press Conference on APSC Exam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu11092021dcpressmeetonapscexam_11092021192621_1109f_1631368581_20.jpg)
লগতে পঢ়ক : দেওবাৰে অসমলৈ আহিব কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা
সেই সমূহ পৰীক্ষা কেন্দ্ৰত ইতিমধ্যে চেনিটাইজেচন কৰা হৈছে বুলি জনাইছে জিলা উপায়ুক্তই ৷ জিলা উপায়ুক্ত গৰাকীয়ে পৰীক্ষাৰ্থী সকলৰ যাতায়তৰ বাবে যান-বাহনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দি কয় যে, তেওঁলোকে ভেকচিন লোৱাৰ প্ৰমাণ প্ৰত্র লগত আনিব লাগিব ।
আনহাতে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ আগতে পৰীক্ষাৰ্থী সকলৰ ক'ভিড পৰীক্ষা কৰা হ'ব আৰু দেহত ক'ভিড ধৰা পৰিলে পৰীক্ষা বহিবলৈ অনুমতি দিয়া নহ'ব । পৰীক্ষাৰ্থী সকলক নিৰ্ধাৰিত সময়ৰ পূৰ্বেই পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ আহ্বান জনাইছে জিলা উপায়ুক্তই ৷
ইয়াৰোপৰি পৰীক্ষাৰ্থী সকলে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰোতে কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইছ লগত নিব নোৱাৰিব ৷ পৰীক্ষাৰ্থী সকলৰ বাবে এক নিয়ন্ত্ৰণ কক্ষৰ লগতে ইয়াৰ বাবে হেল্পলাইন নম্বৰ 03671272248 মুকলি কৰিছে ৷ উক্ত পৰীক্ষাকেন্দ্ৰ সমূহৰ নডেল বিষয়াৰ দায়িত্বত থাকিব কাৰ্বি জিলাৰ অতিৰিক্ত উপায়ুক্ত ডাঃ খালেদা চুলতানা আহমেদ ৷
লগতে পঢ়ক: বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বিহদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা