কাৰ্বি আংলং, ২১ জুন: সমাপ্ত হৈছে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (13th Karbi Anglong Autonomous Council elections have ended) ৷ সদ্যসমাপ্ত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পিছতে নতুনকৈ গঠন হব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ৷ (Karbi Anglong Autonomous Council will be reconstituted) ৷ ইয়াকে লৈ এতিয়া ত্ৰয়োদশ কাৰ্যকালৰ অধ্যক্ষ পদৰ বাবে কুচকাৱাজ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷
উল্লেখযোগ্য যে, পৰিষদৰ ১৪ নং কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ নিৰ্বাচিত প্ৰাৰ্থী ৰাজু তিচ'ৱে আজি বিজেপি দলীয়-কৰ্মী সমৰ্থক সকলক লগত লৈ স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ কাৰ্যকালৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে (Raju Tis filed nomination for Karbi Anglong Autonomous Council election)৷
মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰথম আৰু দ্বিতীয় প্ৰস্তাৱক হিচাপে থাকে ক্ৰমে বিজেপিৰ নিৰ্বাচিত সদস্য অমৰছিং তিছ' আৰু ৰিছাৰ্ড টকবী ৷ ৰাজু তিচ'ৱে স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক বিভাগৰ যুটীয়া সচিব বীৰছিং ইংতিৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷ ৰাজু তিচ'ৰ মনোনয়ন পত্ৰ দাখিলৰ বিৰুদ্ধে কোনো প্ৰতিদ্বন্ধী নাছিল বাবে অধ্যক্ষ পদৰ বাবে ৰাজু তিচ'ৰ নাম পথ প্ৰশস্ত হ'ল, কেৱল আনুষ্ঠানিকতাহে বাকী আছে ৷
লগতে পঢ়ক : ৰাইজক বিৰোধীৰ ভূমিকা লোৱাৰ আহ্বান তুলিৰামৰ