ETV Bharat / state

14 দিনৰ বাবে বন্ধ থাকিব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় - কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়

কাৰ্বি আংলং জিলাত এইবাৰ চিআৰপিএফ জোৱানৰ দেহত কোভিড-19 পজিটিভ ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত ইছফাকুৰ ৰহমানে বুধবাৰে সন্ধিয়া 7 বজাৰ পৰা 15 জুলাই পৰ্যন্ত হামৰেণ, বৈঠালাংচ' আৰু ডংকামোকাম পৌৰসভাৰ অন্তৰ্গত এলেকাসমূহৰ লগতে খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত এলেকাসমূহতো লক ডাউন ঘোষণা কৰে ৷ লগতে, 6 জুলাইৰ পৰা 14 দিনলৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

কাৰ্বি আংলঙত চিআৰপিএফ জোৱানৰ দেহত কৰ’ণা পজিটিভ

author img

By

Published : Jul 8, 2020, 8:58 PM IST

ডিফু, 8 জুলাই : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বহুকেইগৰাকী কাৰ্যবাহী সদস্য আৰু পৰিষদৰ সদস্য কোভিড-19ত আক্ৰান্ত হৈ ইতিমধ্যে চিকিৎসাধীন হৈ আছে ৷ বুধবাৰে পুনৰ পাহাৰীয়া জিলাখনত চি আৰ পি এফ জোৱানকে ধৰি কেইবাজনো লোক কোভিড-19ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, খটখটী চি আৰ পি এফ গ্ৰুপ কেন্দ্ৰৰ বাচি আহমেদ নামৰ জোৱানজনৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে ৷ আক্ৰান্ত জোৱানজনৰ বিহাৰৰ ভ্ৰমণ বৃত্তান্ত আছে ৷

শিলনীৰ চি আৰ পি এফ শিৱিৰৰ জোৱান আৰ গংগাধৰমো কোভিড-19ত আক্ৰান্ত হৈছে ৷ এই জোৱানজনৰো অন্ধ্ৰ প্ৰদেশৰ ভ্ৰমণ বৃত্তান্ত আছে ৷ শিবিৰটোৰ আন -গৰাকী আক্ৰান্ত জোৱান হৈছে প্ৰবীন কুৰ্মী ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰবীণ কুৰ্মী গোলাঘাটৰ ঘৰলৈ গৈছিল ৷

কিছুদিন পূৰ্বে কোভিড-19ত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক ৰামছিং হাঞ্চেৰ গাড়ীচালক গোপাল ছেত্ৰীৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি ৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা গোপাল ছেত্ৰী গণ সংক্ৰমণৰ বলি হোৱাৰ আশংকা কৰা হৈছে ৷

আনহাতে, বোকাজানৰ বিধায়ক ডাঃ নোমল মোমিন আৰু তেওঁৰ পত্নী কোভিড-19 নিগেটিভ বুলি বিধায়কগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে জানিবলৈ দিয়ে ৷ ইফালে পৰিষদৰ কেইবাগৰাকী সদস্য কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে অধিক গণসংক্ৰমণৰ আশংকাত যোৱা 6 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ 14 দিনৰ বাবে পৰিষদৰ সচিবালয় বন্ধৰ নিৰ্দেশ দিয়া হৈছে ৷

কাৰ্বি আংলঙত চিআৰপিএফ জোৱানৰ দেহত কৰ’ণা পজিটিভ
কাৰ্বি আংলঙত চিআৰপিএফ জোৱানৰ দেহত কৰ’ণা পজিটিভ

কোভিড-19ত আক্ৰান্ত হোৱা জনপ্ৰতিনিধিসকলৰ আৱাস আৰু কাৰ্যালয় ইতিমধ্যে ছীল কৰি দিয়ে প্ৰশাসনে ৷ আনহাতে, গুৱাহাটীত শেহতীয়াকৈ ব্যাপক গণসংক্ৰমণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ পৰা গৈ জিলাখনত প্ৰৱেশ কৰা লোকসকলক আগন্তুক 7 দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব বুলি কাৰ্বি আংলং জিলাৰ উপায়ুক্ত জয়ধ্বজ সিংহাই নিৰ্দেশ প্ৰদান কৰে ৷

উল্লেখ্য যে, শুকুৰবাৰে কাৰ্বি আংলং জিলা উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰা জয়ধ্বজ সিংহা নিজেও হোম কোৱাৰেণ্টাইনত আছে ৷ ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ বিস্তৃৰ্ণ এলেকাত লক ডাউন জাৰি কৰা হৈছে ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত ইছফাকুৰ ৰহমানে বুধবাৰে সন্ধিয়া 7 বজাৰ পৰা 15 জুলাই পৰ্যন্ত হামৰেণ, বৈঠালাংচ' আৰু ডংকামোকাম পৌৰসভাৰ অন্তৰ্গত এলেকাসমূহৰ লগতে খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত এলেকাসমূহতো লক ডাউন ঘোষণা কৰে ৷

লগতে পঢ়ক : জনতা ভৱনৰ অগ্নিকাণ্ডঃ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.