ETV Bharat / state

শ্ৰেণীবৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ - boycott programme

১ ছেপ্তেম্বৰৰ পৰা পালন কৰিবলগীয়া শ্ৰেণীবৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ ৷ বুধবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিচতে এই সিদ্ধান্ত কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ ৷

শ্ৰেণীবৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ
author img

By

Published : Aug 30, 2019, 9:25 AM IST

ডিফু, 30 আগষ্টঃ শ্ৰেণীবৰ্জনৰ কাৰ্যসূচী অৱশেষত প্ৰত্যাহাৰ কৰিলে কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থা চমুকৈ কাপটাই ৷ ১ ছেপ্তেম্বৰৰ পৰা পালন কৰিবলগীয়া শ্ৰেণীবৰ্জন কাৰ্যসূচী হাতত লৈছিল কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাই ৷ ডিফুস্থিত কাপটাৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই সিদ্ধান্তৰ কথা সদৰি কৰে কাপটাৰ সাধাৰণ সম্পাদক প্ৰবীণ হাঞ্চেই ৷ বুধবাৰে কাপটাৰ নেতৃবৰ্গৰ সৈতে এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ আলোচনাৰ পিচতেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷ আলোচনা কালত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ দাবী গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে শিক্ষক-কৰ্মচাৰী দৰমহা মুকলি কৰি দিয়া হ’ব বুলি আশ্বাস দিয়ে বুলিও জনায় কাপটাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ ইপিনে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা প্ৰয়োজনীয় ডিডিঅ', কোড আৰু পাছৱৰ্ড লাভ কৰা বুলিও জনায় সংবাদমেলত ৷

শ্ৰেণীবৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ

উল্লেখ যোগ্য, কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাই অনলাইন আৰু অফলাইন দৰমহাৰ মেৰপেচত পৰি বিগত চাৰি মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আহিছিল ৷ যাৰ বাবে অহা ১ ছেপ্তেম্বৰৰ পৰা জিলাখনত কাপটায়ে শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী হাতত লৈছিল ৷ জিলাখনৰ মুঠ ১১ টা শিক্ষাখণ্ডৰ প্ৰতিটোতে সুকীয়া সুকীয়ীকৈ তিনিদিনৰ ভিতৰত শিক্ষক সকলৰ তথ্য অনলাইনত সন্নিবিষ্ট কৰা হ'ব ৷ সেই অনুসৰি ছেপ্তেম্বৰৰ দ্বিতীয়াৰ্দ্ধৰ ভিতৰতে শিক্ষক সকলে দৰমহা লাভ কৰিব বুলি মন্তব্য কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ৷ ইয়াৰ সমান্তৰালকৈ জিলাখনৰ প্ৰাথমিক শিক্ষক সকলৰো অনলাইন দৰমহা লাভ কৰাৰ পথ প্ৰশস্ত হৈছে সেয়ে আন্দোলনৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে ৷

Intro:১ ছেপ্তম্বৰৰ হ'ব হবলগীয়া শ্ৰেণীবৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কাৰবি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ ৷
---------------------------------------- ডিফু, ২৯ আগষ্ট:- অহা ১ ছেপ্তম্বৰৰ পৰা পালন কৰিবলগীয়া শ্ৰেণীবৰ্জন কাৰ্যসূচী অৱশেষত প্ৰত্যাহাৰ কৰিলে কাৰবি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থা চমুকৈ কাপটাই ৷ আজি ডিফুস্থিত কাপটাৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই সিদ্ধান্তৰ কথা সদৰি কৰে কাপটাৰ সাধাৰণ সম্পাদক প্ৰবীণ হাঞ্চেই ৷ বুধবাৰে কাপটাৰ নেতৃূবৰ্গই এই সন্দৰ্ভত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু আলোচনা কালত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰবি আংলং প্ৰাথমিক শিক্ষক সন্থাত দাবী গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে শিক্ষক - কৰ্মচাৰী দৰমহা মুকলি কৰি দিয়া হব বুলি আশ্বাস দিছে বুলিও কয় কাপটাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ আনহাতে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা প্ৰয়োজনীয় ডিডিঅ', কোড আৰু পাছৱৰ্ড লাভ কৰা বুলিও জনায় সংবাদমেলত ৷ উল্লেখ যোগ্যযে, কাৰবি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাই অনলাইন আৰু অফলাইন দৰমহাৰ মেৰপেচত পৰি বিগত চাৰি মাহে দৰমহাৰ পৰা বঞ্চিত থাকি অহা ১ ছেপ্তম্বৰৰ পৰা জিলাখনত কাপটাই শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ আজিৰ সংবাদ মেলত সাধাৰণ সম্পাদক গৰাকীয়ে উল্লেখ কৰা অনুসৰি জিলাখনৰ মুঠ ১১ টা শিক্ষাখণ্ডৰ প্ৰতিটোতে সুকীয়া সুকীয়ীকৈ তিনিদিনৰ ভিতৰত শিক্ষক সকলৰ তথ্য অনলাইনত সন্নিবিষ্ট কৰা হ'ব ৷ সেই অনুসৰি ছেপ্তেম্বৰৰ দ্বিতীয়াৰ্দ্ধৰ ভিতৰতে শিক্ষক সকলে দৰমহা লাভ কৰিব বুলি মন্তব্য কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ৷ ইয়াৰ সমান্তৰাল জিলাখনৰ প্ৰাথমিক শিক্ষক সকলৰো অনলাইন দৰমহা লাভ কৰাৰ পথ প্ৰশস্ত হৈছে সেয়ে আন্দোলনৰ কোনো প্ৰয়োজন নাই বুলি কাপটাৰ কাৰ্যকৰণী সমিতিয়ে ১ ছেপ্তেম্বৰৰ পৰা গ্ৰহণ কৰা শ্ৰেণীবৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে কাপটাই ৷

ছাইদুল ইছলাম, ডিফুBody:*********---Conclusion:************
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.