ETV Bharat / state

বেদখলৰ বিৰুদ্ধে ডিফুত উচ্ছেদ অব্যাহত থাকিব : দৰছিং ৰংহাং

author img

By

Published : Jul 3, 2022, 9:34 PM IST

বেদখলৰ বিৰুদ্ধে ডিফুত উচ্ছেদ অব্যাহত থাকিব (Eviction drive against illegal encroachment at Diphu)৷ দেওবাৰে এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে বিধায়ক দৰছিং ৰংহাং আৰু পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰছিং তিচʼৱে ৷

KAAC press meet at Diphu
অবৈধ বেদখলৰ বিৰুদ্ধে ডিফুত উচ্ছেদ

ডিফু, 3 জুলাই : ডিফু-লামডিং পথৰ চাৰিকিলোৰ ৰংপাংথিং নামৰ গাঁৱত শনিবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা চলোৱা হ’ল উচ্ছেদ অভিযান (Eviction drive against illegal encroachment at Diphu) ৷ এই অভিযানক কেন্দ্ৰ কৰি জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা আয়োজন কৰা হয় এক সংবাদ মেলৰ (KAAC press meet at Diphu)৷

এই সংবাদমেলত উচ্ছেদ অভিযান সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত পৰিষদৰ স্থিতি স্পষ্ট কৰি দিয়ে পৰিষদৰ বিষয়ববীয়াসকলে । বিধায়ক দৰছিং ৰংহাং আৰু পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰছিং তিচʼৱে বিভাগীয় বিষয়া বৰ্গৰ উপস্থিতিত সংবাদমেল সম্বোধন কৰি কয় যে, শনিবাৰে উচ্ছেদ অভিযান চলোৱা ভূ-খণ্ড পূৰ্বে চেৰিকালছাৰ বিভাগক আৱন্টিত কৰা হৈছিল ।

পৰৱৰ্তী সময়ত সত্ৰ ন্যায়ালয়ক ভূমিৰ প্ৰয়োজন হোৱাত 2013 চনত মাটিখিনি ন্যায়ালয় স্থাপনৰ বাবে প্ৰদান কৰা হয় ।

বেদখলৰ বিৰুদ্ধে ডিফুত উচ্ছেদ অব্যাহত থাকিব : দৰছিং ৰংহাং

সেই সময়তে একাংশ দালালে কিছুমান পৰিয়ালক লগত লৈ মাটিখিনি বেদখলত নামি পৰে । পূৰ্বেও উক্ত স্থানত উচ্ছেদ অভিযান চলোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত পুনৰ উক্ত ভূমিত বেদখল চলোৱা হয় । শেহতীয়াকৈ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা মাটিখিনি বেদখলমুক্ত কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক নিৰ্দেশ দিয়া হয় ৷

তাৰ পাচত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ন্যায়ালয়ৰ পৰা সময় লৈ বেদখলকাৰী পৰিয়ালসমূহ প্ৰকৃততে ভূমিহীন হয় নে নহয় সেই সন্দৰ্ভত তদন্তৰ ব্যৱস্থা কৰে । সেই সময়ত পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য আছিল অমৰ ছিং তিচʼ । বিভাগীয় তদন্তত বেদখলকাৰী 35 টা পৰিয়ালৰ 11 টা পৰিয়াল প্ৰকৃততে ভূমিহীন বুলি নিশ্চিত কৰা হয় ।

ভূমিহীন হিচাপে চিহ্নিত হোৱা 11 টা পৰিয়ালক হৰেনছিং তেৰাং গাঁৱত সংস্থাপিত কৰাৰ বাবে পৰিষদে ব্যৱস্থা গ্ৰহণ কৰে । প্ৰতিটো পৰিয়ালক একঠা দহ লেচাকৈ ভূমি প্ৰদান কৰাৰ লগতে গৃহ নিৰ্মাণৰ বাবে এক লাখকৈ টকা, বাট পথ, কুঁৱা আদি সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল ।

মাটিৰ দালালৰ প্ৰৰোচনাত এই ভূমিহীন পৰিয়ালসমূহে চৰকাৰৰ পৰা সংস্থাপনৰ সুযোগ লাভ কৰাৰ পিছতো যাবলৈ মান্তি নহয় বুলি নেতৃবৰ্গই সংবাদমেলত উল্লেখ কৰে । সম্প্ৰতি মাটিখিনি সত্ৰ ন্যয়ালয়ক প্ৰদান কৰাৰ পিছত ন্যায়ালয় মাটিখিনিৰ অধিকাৰী হোৱাৰ ফলত ন্যায়ালয়ে এতিয়া মাটিখিনি বেদখলমুক্ত কৰাৰ নিৰ্দেশ দিয়ে ৷

সেই নিৰ্দেশ পালন কৰিবলৈ পৰিষদ কৰ্তৃপক্ষ বাধ্য বুলি সংবাদমেলত উল্লেখ কৰে । কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত বেলাৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰি পৰৱৰ্তী সময়ত ডিফু বিৰলাৰ চেৰিকালছাৰ বিভাগৰ ভূমি, বকলীয়াঘাটৰ জলসিঞ্চনৰ মাটি, ডিফুৰ বি চি কলনিকে ধৰি বিভিন্ন স্থানত হোৱা বেদখলৰ বিৰুদ্ধে অভিযান চলোৱা হʼব বুলি বিধায়ক ৰংহাঙে স্পষ্ট কৰি দিয়ে ।

চৰকাৰী ভূমি বেদখলমুক্ত কৰাটো পৰিষদৰ দায়িত্ব বুলি উল্লেখ কৰি চৰকাৰী ভূমি বেদখল নকৰাৰ বাবে সকলোকে আহ্বান জনায় । আনহাতে, এ পি এইচ এল চিৰ মুখপাত্ৰ আংতং ইংতি কাথাৰক অলপতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ আঁৰত বিজেপিৰ ষড়যন্ত্ৰ নিহিত থকা বুলি দলটোৱে কৰা অভিযোগক পোনচাটেই অস্বীকাৰ কৰে বিধায়ক ৰংহাঙে ।

লগতে পঢ়ক : ৰাইজৰ দলে জন্ম দিলে ‘জাতীয় যুৱ বাহিনী’ নামৰ যুৱ সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.