ডিফু, ১২ জুন : দেওবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা (KAAC election vote counting)। এতিয়ালৈ প্ৰায় প্ৰতিটো সমষ্টিতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে (BJP is leading in KAAC election)। প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপি দলে অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে লাংহিন পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ছাৰমুন ৰংফাই অগ্ৰগতি লাভ কৰিছে ৷ প্ৰথম ৰাউণ্ডৰ অন্তত লুম্বাজঙত বিজেপিয়ে ৪,১২৫ টা ভোট, কংগ্ৰেছে ৩৮১ টা ভোট লাভ কৰিছে ।
আনহাতে, মহামায়াত বিজেপিৰ লুণছিং টেৰণে লাভ কৰিছে ৩,১৫১ টা ভোট আৰু কংগ্ৰেছৰ বিদ্যাছিং ৰংপিয়ে লাভ কৰিছে ১,৬১৩ টা ভোট । লাংহিনত বিজেপি প্ৰাৰ্থী বিলিমোহন খাকলাৰীয়ে লাভ কৰিছে ৪,৬০৭ টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছে ১,৪৭১ টা ভোট । সমান্তৰালকৈ নমাটিত বিজেপি প্ৰাৰ্থী ৰিতেশ ইংহিয়ে ৩,২২১ টা ভোটৰ সৈতে অগ্ৰগতি লাভ কৰিছে আৰু কংগ্ৰেছৰ অশোক টেৰণে লাভ কৰিছে ২,২৬৬ টা ভোট ৷ হাওৰাঘাটত বিজেপিৰ অজিত দে' ৩,৩১০ টা আৰু কংগ্ৰেছৰ চন্দ্ৰছিং টেৰণে ১,২৯০ টা ভোট লাভ কৰিছে ।
ধনশিৰিত বিজেপিৰ তিলোত্তমা হাঞ্চুৰে ৪,০৮৪ টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ১,৫৮৪ টা ভোট লাভ কৰিছে । সিংহাসনত বিজেপিৰ অমৰছিং তিচ' ২,৬৫৩ টা ভোট আৰু কংগ্ৰেছৰ প্ৰদীপ ছিংনাৰে ১,৩৪৬টা ভোট লাভ কৰিছে । কৰকাণ্ঠিৰ বিজেপি ১,৭৯৪ টা লাভ কৰাৰ বিপৰীতে আৰু নিৰ্দলীয় প্ৰাৰ্থী ১,৯৩৬ টা ভোট লাভ কৰি অগ্ৰগতি লাভ কৰিছে ।
ফুলনিতো নিৰ্দলীয় প্ৰাৰ্থী ২,১৫৯ টা ভোটৰ সৈতে আগবাঢ়ি আছে আৰু বিজেপিৰ প্ৰাৰ্থীয়ে লাভ কৰিছে ২,০৮৩ টা ভোট । লাংফেৰত বিজেপি প্ৰাৰ্থী মধুৰাম লেকথেই লাভ কৰিছে ৪,৮৯৩ টা ভোট ৷ আনহাতে পশ্চিম কাৰ্বি আংলঙৰ আমৰিত বিজেপিৰ প্ৰাৰ্থীয়ে ৩,১৩১ টা ভোট, এডিএফৰ প্ৰাৰ্থীয়ে ২,৪২৩ টা ভোট লাভ কৰিছে । ৰংখাঙত বিজেপিয়ে ৩,৭২২ টা ভোট আৰু কংগ্ৰেছে লাভ কৰিছে ২,৩৪৫ টা ভোট ।
ছচেঙতো বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে । ইয়াৰোপৰি বোকাজনৰ ছচেংধেণ্টাত বিজেপিয়ে ১,৬১৪ টা ভোট লাভ কৰি প্ৰথম ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰি আছে । বৰজানত বিজেপিয়ে পাইছে ২,৬০১টা ভোট আৰু এপিএইছএলচিয়ে ৩,০৪২টা । আনহাতে সৰুপথাৰত বিজেপিয়ে ১,৩৮৮ টা ভোট লাভ কৰাৰ বিপৰীতে ইউডিএফএছৰ প্ৰাৰ্থীয়ে লাভ কৰিছে ১,১২৫ টা ভোট ।
বোকাজানত বিজেপিয়ে ২,৮৬৯ টা আৰু আপ দলে পাইছে ১,৮৫০ টা ভোট । দেওপানীত বিজেপিয়ে ২,৬৩১ টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীয়ে পাইছে ১,২২৯ টা ভোট । নিলীপত এপিএইছএলচিয়ে ১,৩০৭ টা ভোট লাভ কৰিছে আৰু বিজেপিয়ে ১,১১৯ টা ভোট । দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিত বিজেপিয়ে প্ৰথম ৰাউণ্ডৰ অন্তলৈ লাভ কৰিছে ২,১৩১ টা ভোট আৰু কংগ্ৰেছে পাইছে ১,০৩১ টা ভোট লাভ কৰিছে ৷