ETV Bharat / state

ডিফু ১০ হাজাৰ খিলঞ্জীয়াক বিশেষ ভূমি পট্টা প্ৰদান - কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং

শনিবাৰে ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত ১০ হাজাৰ খিলঞ্জীয়াক বিশেষ ভূমি পট্টা প্ৰদান ৷ ভূমি পট্টা বিতৰণৰ এই কাৰ্যসূচীত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পৰিষদৰ ৰাজহ বিভাগৰ দায়িত্বত থকা ই এম অমৰসিং তিচ', স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব আৰু কেইবা গৰাকী ই এম আৰু এমচি ৷

KAAC DISTRIBUTE LAND PATTA TO INDIGANOUS PEOPLE
ডিফু ১০ হাজাৰ খিলঞ্জীয়াক বিশেষ ভূমি পট্টা প্ৰদান
author img

By

Published : Jan 23, 2021, 7:24 PM IST

ডিফু,23 জানুৱাৰী : শনিবাৰে শিৱসাগৰত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত হৈয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ এই সভাতেই প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমৰ খিলঞ্জীয়া ৰাইজৰ বাবে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ 10 হাজাৰ খিলঞ্জীয়া লোকলৈ আনিছে এক আশাৰ বতৰা ৷

ডিফু ১০ হাজাৰ খিলঞ্জীয়াক বিশেষ ভূমি পট্টা প্ৰদান

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰৰ পৰাই নৰেন্দ্ৰ মোডীৰ ঘোষণা, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগৰ অধীনত 10 হাজাৰ খিলঞ্জীয়া ৰাইজক প্ৰদান কৰা হ’ব বিশেষ ভূমি পট্টা ৷ ইয়াৰ পাছতেই ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাৱে 10 হাজাৰ খিলঞ্জীয়া ৰাইজক বিশেষ ভূমি পট্টা বিতৰণ কৰা হয় ৷

ভূমি পট্টা বিতৰণৰ এই কাৰ্যসূচীত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পৰিষদৰ ৰাজহ বিভাগৰ দায়িত্বত থকা ই এম অমৰসিং তিচ' স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব আৰু কেইবা গৰাকী ই এম আৰু এমচি ৷

শনিবাৰে ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সভাতে সাংবাদিকৰ আগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মন্তব্য কৰে যে, পূৰ্বৰ চৰকাৰে যি কাম কৰিব নোৱাৰিলে, সেই কাম বিজেপি চৰকাৰে কৰি দেখুৱালে ৷ যাৰ বাবে উৎফুল্লিত হৈ পৰিছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ 10 হাজাৰ খিলঞ্জীয়া ৰাইজ ৷

লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবীৰে নগাঁৱত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.