ETV Bharat / state

কাৰ্বি ভূমিৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধনৰ বাবে বদ্ধপৰিকৰ তুলিৰাম ৰংহাং

author img

By

Published : Jan 3, 2022, 5:01 PM IST

স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে সংবাদমেল যোগে আগন্তুক পৰিকল্পনা সম্পৰ্কে প্ৰকাশ কৰিলে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে (KAAC Chief Tuliram Ranghang ) ৷ আশ্বাস প্ৰদান কৰিলে কাৰ্বি ভূমিত সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধনৰ ৷

Tuliram Ranghang talks about peace in Karbi Land
কাৰ্বি ভূমিৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধনৰ বাবে বদ্ধপৰিকৰ তুলিৰাম ৰংহাং

ডিফু, ২ জানুৱাৰী : সমাগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomous Council election) ৷ এই নিৰ্বাচনক লৈ দেওবাৰে ইংৰাজী নৱবৰ্ষ ২০২২ ৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু স্থিত কাছা খেলপথাৰত এক সংবাদমেলৰ আয়োজন কৰি জিলাখনত গ্ৰহণ কৰা আৰু ৰূপায়িত উন্নয়নমূলক আঁচনি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ সংবাদমেলত মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় জিলাখনত স্থায়ী শান্তি ঘূৰি আহিছে (Tuliram Ranghang talks about peace in Karbi Land) ৷ কুকি, ৰেংমা নগা সকলৰ সমস্যাৰ সন্দৰ্ভত আলোচনা হোৱা বুলিও কয় তুলিৰাম ৰংহাঙে ৷

জিলাখনত এ পি এছ চি অথবা ইউ পি এছ চিত অৱতীৰ্ণ হ’ব খোজা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে জিলাখনত বিনামূলীয়াকৈ ক’চিঙৰ ব্যৱস্থাও কৰা হ’ব বুলি পৰিষদৰ মুৰব্বী গৰাকীয়ে সংবাদমেলত জানিব দিয়ে ৷ ইয়াৰোপৰি পৰিষদীয় চৰকাৰখনৰ উদ্যোগ ৰূপায়ণ হোৱা বিভিন্ন উন্নয়ণ মূলক কাম-কাজ সম্পৰ্কে সম্পূৰ্ণ বাখ্যা আগবঢ়ায় ৷ জিলাখনত নিৰ্মীয়মান আন মহাবিদ্যালয় সমূহৰ নিৰ্মাণ কাম এই বছৰৰ ভিতৰতে শেষ কৰা হ’ব বুলি কৈ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামতো বি এড কলেজৰ কাম আৰম্ভ হোৱা বুলি উল্লেখ কৰে তুলিৰাম ৰংহাঙে ৷

ইয়াৰ লগতে ৩৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া তাৰলাংচ’ৰ তাৰকা গৃহ (Planetarium in Taralangso) , পশ্চিম কাৰ্বি আংলঙত ২০০খন বিচনাযুক্ত হাস্পতাল, কাৰ্বি আংলঙত ১০০ খন বিছনাযুক্ত হাস্পতাল নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগতে লাংলাকচ'ত সৈনিক স্কুল স্থাপনৰ অনুমোদন লাভ কৰা বুলি সদৰি কৰে তুলিৰাম ৰংহাঙে ৷

আনহাতে, হোজাই জিলাৰ লাংকাইনৰ উচ্ছেদিত অঞ্চলত তিনি হাজাৰ বিঘা মাটি বিমান বন্দৰৰ বাবে আগবঢ়োৱা হৈছে বুলি জনায় ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে ইতিমধ্যে পৰিষদৰ পৰা ডি পি আৰ বিচাৰিছে বুলিও ৰংহাঙে সংবাদমেলত উল্লেখ কৰে ৷ বিশ্ববিদ্যালয় বাবেও ভাৰত চৰকাৰে পৰিষদৰ পৰা ভূমি বিচৰা বুলি কথা উল্লেখ কৰি পশ্চিম কাৰ্বি আংলং জিলাত বিভিন্ন ক্ষেত্ৰত পদৰ সৃষ্টি কৰা হ’ব বুলি উল্লেখ কৰে ৷

এই মাহৰ ভিতৰতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৮০০ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ লগতে নিযুক্তি প্ৰদান অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব বুলি জানিব দিছে ৷ পৰিষদীয় চৰকাৰৰ ৫ বছৰীয়া উন্নয়ণৰ খতিয়ান পুস্তিকাও প্ৰকাশ কৰা হ’ব বুলি কয় ৰংহাঙে ৷

মাৰ্চ মাহৰ পূৰ্বেই জিলাখনত বাছ টাৰ্মিনেল, ট্ৰাক টাৰ্মিনেল, লৰুলাংছত চন্দ্ৰচিং টেৰণ মেম'ৰিয়েল ক্লাৱৰ দুৱাৰ মুকলি কৰি ডিফু নদীৰ সৌন্দৰ্য বৰ্ধন, ৰংথেয়াং অডিটৰিয়াম হল নিৰ্মাণ, ৰংখেলাং বজাৰৰ স্থানান্তৰকৰণৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি জনায় ৷ আনহাতে, টাউন হলৰ নাম কাৰি আদৰবাৰৰ সভাপতি চন্দ্ৰছিং টেৰণৰ নামেৰে নামাকৰণ কৰা হ’ব বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি মুখ্য কাৰ্যবাহী সদস্য গৰকীয়ে বিগত কাৰ্যকালত দুয়োখন পাহাৰীয়া জিলাত বিভিন্ন কাম হৈছে বুলি দাবী কৰি আৰু বহুতো কৰিবলগীয়া কাম আছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.