ডিফু,২০ ফেব্ৰুৱাৰী : কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ ২৩৯ সংখ্যক অধিৱেশনখন আজি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ সচিবালয় প্ৰাংগনত অনুষ্ঠিত হয় । উক্ত অধিৱেশনত ২০২১-২০২২ বৰ্ষৰ বাবে বাজেট উত্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।
বাজেট উত্থাপন কৰি প্ৰদান কৰা ভাষণত পৰিষদৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ১১৯০৫.৫০ লাখ টকাৰ ঘাটি বাজেট উত্থাপন কৰা বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, পৰিষদৰ নিজা উৎসৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ ১১,০২৮ লাখ টকা হোৱাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিবলগীয়া সাহাৰ্য তথা অন্য উৎসৰ পৰা আহিবলগীয়া ধনৰ পৰিমাণ ৪,৭৫০ লাখ টকাকে ধৰি পৰিষদৰ মুঠ পুঁজিৰ পৰিমাণ ১৫৭৭৮.০০ টকা হোৱাৰ বিপৰীতে ব্যয়ৰ বাবে ধাৰ্য্য কৰা ধনৰ পৰিমাণ ২৭,৬৮৩.৫০ লাখ টকা ৷
অৱশ্যে, আজি সদনত দাখিল কৰা বাজেট অনুসৰি পৰিষদৰ তৰফৰ পৰা ভালেকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰা হৈছে। সেই অনুসৰি, কাৰ্বি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন পৰিষদীয় সদস্যসকলৰ পেঞ্চনৰ বাবদ ২৬০ লাখ টকা ধাৰ্য্য কৰা হৈছে ।
ঠিক সেইদৰে ২৩০০ লাখ টকা ব্যয়সাপেক্ষে শ্বিলঙত কাৰ্বি ভৱন নিৰ্মাণ, ২০২১-২২ বৰ্ষত ৰাজহৰ পৰিমাণ ১৮৭৫ লাখ টকালৈকে বৃদ্ধি কৰা, কাৰ্বি ভাষা শিক্ষকৰ মাননিৰ বাবদ ১২৭৭ লাখ টকা, কাৰ্বি ভাষাৰ আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰাৰ বাবে দহ লাখ টকা ধাৰ্য কৰা হৈছে ৷ জিলাখনৰ লেখক আৰু সাংবাদিকসকলৰ বীমাৰ প্ৰিমিয়ামৰ বাবে ৫৬০ লাখ টকা, কাৰ্বি যুৱ মহোৎসৱৰ বাবে ১০০ লাখ টকা তথা কাৰ্বি লাম্মেত আমেইৰ ২০২১-২২ বৰ্ষৰ বাবে ৪০ লাখ টকা ধাৰ্য কৰা হৈছে ।
ইয়াৰ উপৰি নগৰ এলেকা উন্নযনৰ বাবে দুই কোটি, তথ্য আৰু প্ৰযুক্তিৰ বাবে ৯৮ লাখ, প্ৰাকৃতিক দুৰ্যোগৰ বাবে এক কোটি, ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে দহ লাখ, পথ-দলঙৰ মেৰামতিৰ বাবে ৫০ লাখ টকা ধাৰ্য কৰা হৈছে। ডিফুত কেইবা তৰপীয়া পাৰ্কিং, কমাৰ্চিয়েল বিল্ডিং আৰু পৰিষদৰ অতিথিশালা নিৰ্মাণৰ বাবেও বাজেটত ৫০০০ লাখ টকা ধাৰ্য কৰা হৈছে ।
উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে মূলতঃ বন তথা বনজ সম্পদৰ পৰাই অধিক ৰাজহ সংগ্ৰহ কৰে যদিও এইক্ষেত্ৰত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ বাধা নিষেধৰ বাবে পৰিষদৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ হ্ৰাস পোৱা বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।
লগতে পঢ়ক: মানৱীয়তাৰ খাতিৰত QUIPPO ৰ দুই বিষয়াক মুক্তি দিয়ক: মুখ্যমন্ত্ৰী সোণোৱাল