ডিফু, 22 ফেব্ৰুৱাৰীঃ সোমবাৰে অৰ্থাৎ 24 ফেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব ৰাজ্য কঁপোৱা ঝংকাৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান ৷ কাৰ্বি আংলং জিলাৰ সত্ৰ ন্যায়াধীশ এ.আহমেদৰ বিচাৰ পীঠে দিব গোচৰটোৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান ৷
উল্লেখ্য যে, 2013 চনৰ 25 জুনত এদল উন্মুক্ত লোকৰ আক্ৰমণৰ বলি হৈ অকাল আৰু কৰুণ মৃত্যুক সাৱটি লৈছিল ঝংকাৰ শইকীয়া নামৰ যুৱকজনে ৷ ঝংকাৰৰ মৃত্যুৰ পিছতে উক্ত ঘটনাকলৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
যোৱা 7 বছৰত কাৰ্বি আংলং জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত সমাপ্ত হৈছে শুনানী ৷ স্মৰ্তব্য যে, 25 জুনৰ দিনা অধিবক্তা পিতৃৰ সৈতে বজাৰলৈ অহা ঝংকাৰৰ এগৰাকী অট'চালকৰ সৈতে দহ টকাৰ অট' ভাড়াকলৈ বিতৰ্ক হৈছিল ৷ পিচত উক্ত বিতৰ্কই সংঘাতৰ ৰূপ লয় আৰু এদল উন্মত্ত লোকে ডিফু চহৰৰ মাজ মজিয়াত নিৰ্মমভাবে প্ৰহাৰ কৰে ঝংকাৰক ৷ পিচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ঝংকাৰক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল ৷ তাৰ পাচত এসপ্তাহ মৃত্যুৰ সৈতে যুঁজি নিয়তিৰ সৈতে হাৰ মানি পৃথিৱীৰ পৰা চিৰ বিদায় লৈছিল ঝংকাৰে ৷ নিজ চকুৰ ওচৰতে পুত্ৰৰ ওপৰত চলা নিৰ্মম প্ৰহাৰ অসহায়ভাবে প্ৰত্যক্ষ কৰিছিল ঝংকাৰৰ পিতৃ হৰেণ শইকীয়াই ৷
উক্ত গোচৰত দুজন আৰক্ষীৰ লোককে ধৰি মুঠ 16 জনক অভিযুক্ত কৰে তদন্তকাৰী বিষয়াই ৷ ইয়াৰে 14 জন ডিফু কাৰাগাৰত কাৰাবন্দী হৈ আছে ৷ আনহাতে গোচৰটোত অভিযুক্ত হোৱা দুই আৰক্ষী হৈছে ক্ৰমে ৰমেশ নাথ আৰু হাৰুণ বৰা ৷ দুই আৰক্ষীৰ সম্মুখতে ঝংকাৰৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলিছিল যদিও আৰক্ষীৰ লোক দুজনে উন্মুক্ত জনতাক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছিল ৷ এতিয়া সম্প্ৰতি 24 ফেব্ৰুৱাৰী দিনটোলৈ অপেক্ষা ঝংকাৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী ৷