ডিফু, ২১ জুন : আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)৷ সমগ্ৰ বিশ্বৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুতো আয়োজন কৰা হয় অষ্টম আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী (International Yoga Day celebrated at Diphu) ৷ কাৰ্বি আংলং ক্ৰীড়া ভাৰতীৰ উদ্যোগত আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সহযোগত ডিফুৰ অত্যাধুনিক কাছা খেল পথাৰত বন্তি প্ৰজলন কৰি অষ্টম আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷
এই কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ৷ উক্ত যোগ দিৱসৰ কাৰ্যসূচীত কাৰ্বি আংলং শ্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙকে প্ৰমুখ্য কৰি বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাই অংশ গ্ৰহণ কৰে ৷
লগতে পঢ়ক : যোগৰ বাবেই বিশ্বব্ৰহ্মাণ্ডলৈ শান্তি আহিছে : প্ৰধানমন্ত্ৰী মোডী
সমাজ সেৱক ছচেং ৰংফাৰে অংশ গ্ৰহণকাৰীসকলক এক ঘণ্টা সময়ৰ বাবে সুন্দৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷
আনহাতে, কাৰ্বি আংলং ক্ৰীড়া ভাৰতীৰ সাধাৰণ সম্পাদক কুমুদ মিথিয়ে উল্লেখ কৰা অনুসৰি, কাছা খেল পথাৰত আয়োজিত আন্তৰ্জাতিক যোগ দিৱসত ক্ৰমে, এথলেটিকছ, ফুটবল সন্থা, কেৰাটে আৰু টাইকোৱাণ্ডো সন্থাৰ লগতে চিআৰপিএফৰ ২০ বিএন বেটেলিয়েনৰ প্ৰায় পাঁচ শতাধিক জোৱানে অংশ গ্ৰহণ কৰিছে ৷
আনকি, ডিফুৰ কাছা খেল পথাৰত অনুষ্ঠিত যোগ দিৱসত চিআৰপিএফ ২০ বেটেলিয়েনৰ কামাণ্ডেণ্ট স্বৰ্ণ সিঙ আৰু দ্বিতীয় কামাণ্ডাৰ তিলকৰাজ শৰ্মাৰ নেতৃত্বত প্ৰায় ১৭৫ গৰাকী জোৱানে অংশ গ্ৰহণ কৰি যোগ দিৱসটিক সাফল্য মণ্ডিত কৰি তোলে ৷
লগতে পঢ়ক : International Yoga Day : বিশ্ব যোগ দিৱসত অংশগ্ৰহণ মন্ত্ৰী যোগেন মহনৰ