ETV Bharat / state

বােকাজানত আন্তর্জাতিক কন্যা শিশু দিৱস পালন - ডিফু

আন্তৰ্জাতিক শিশু কন্যা দিৱসৰ দিনটোতে বোকাজানত বহু মহিলা আৰু কিশোৰী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে নাৰীৰ ওপৰত কোনো নিৰ্যাতন, অত্যাচাৰ নচলিব বুলি সকিয়াই দিয়ে।

বােকাজানত আন্তর্জাতিক কন্যা শিশু দিৱস পালন

author img

By

Published : Oct 11, 2020, 8:58 PM IST

ডিফু, ১১ অক্টোবৰ: বােকাজান বিলপথাৰ ৱাৰিৱৰছ গ্ৰুপৰ উদ্যোগত আন্তৰ্জাতিক শিশু কন্যা দিৱসৰ লগত সংগতি ৰাখি বিলপথাৰত বিস্তৃত কার্যসূচীৰে কন্যাশিশু দিৱস পালন কৰা হয় । এই কার্যসূচীৰ অংশ হিচাপে এলেকাটোৰ ভালেসংখ্যক কন্যা শিশু, কিশােৰী, মহিলাই একত্রিতভাবে মহিলা তথা কন্যা শিশুৰ ওপৰত ক্রমাগত হাৰত বৃদ্ধি পাই অহা নির্যাতনৰ ঘটনাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে ।

বােকাজানত আন্তর্জাতিক কন্যা শিশু দিৱস পালন
বােকাজানত আন্তর্জাতিক কন্যা শিশু দিৱস পালন

উক্ত অনুষ্ঠানত অংশগ্রহণকাৰী সকলে হাতে হাতে 'নাৰী ঘৰৰ লখিমীয়েই নহয় দেশৰ ধৰণীও, সেয়ে নাৰী সুৰক্ষিত মানে দেশ সুৰক্ষিত, আমি গণতান্ত্রিক দেশৰ ভাৰতীয় নাৰী আমি ৰক্ষিতা, শােষিত, অৱদমিত,নিঃশেষিত নহয় আমাৰাে আছে আইন, আমাৰো আছে ন্যায়', বহুত হল ধর্ষণ, হত্যা, এতিয়া আৰু নহ’ব, জাগ্রত হােৱা নাৰীশক্তি, ধর্ষণকাৰী নিঃশেষ কৰিবৰ হ'ল, নাৰীয়েই শক্তি, নাৰীয়েই সৃষ্টি, নাৰীয়েই জগতৰ সৃষ্টি নাৰী অবিহনে নাই কোনাে জীৱ সৃষ্টিৰ ক্ষমতা, নাৰী সৃষ্টিৰ শলিতা, নাৰীক নকৰিব কলংকিতা, নাৰী পণ্য সামগ্রী নহয়, নাৰী আপােনাৰ দৈহিক তৃপ্তিৰ উৎস নহয় বন্ধ কৰক ধর্ষণ, নির্যাতন, সতীত্ব বজাই ৰাখক নিজৰ' আদি বিভিন্ন শ্ল'গান সম্বলিত প্লে-কার্ড প্রদর্শন কৰি নাৰী আৰু শিশুকন্যা নির্যাতনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এক প্রয়াস কৰে ।

উল্লেখযােগা যে, অলপতে উত্তৰ প্রদেশৰ হাথৰস দলবদ্ধ ধর্ষণৰ ঘটনাৰ পিছতে গঠন হোৱা ৱাৰিৱৰছ গ্রুপ শীর্ষক গােটটোৱে বিগত সময়ছােৱাত নাৰীৰ অধিকাৰ
সম্পর্কীয় বিষয়ত সৰৱ ভূমিকা পালন কৰি অহা পৰিলক্ষিত হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.