ETV Bharat / state

স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত বিদ্যালয়ত বৃক্ষৰোপণ

author img

By

Published : Sep 16, 2019, 10:34 PM IST

দেশ সেৱাৰ লগতে এইবাৰ প্ৰকৃতি সংৰক্ষণত নামি পৰিছে ভাৰতীয় স্থলসেনা ৷ স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত সোমবাৰে কাৰ্বি আংলং জিলাত অনুষ্ঠিত হয় বৃক্ষৰোপণ কাৰ্যসূচী ৷

স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত বিদ্যালয়ত বৃক্ষৰোপণ

ডিফু, 16 চেপ্তেম্বৰঃ গোলকীয় উষ্ণতা প্ৰতিৰোধৰ বাবে নামি পৰিছে ভাৰতীয় সেনা ৷ দিনক দিনে বৃদ্ধি পোৱা গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ পৃথিৱীৰ প্ৰতি অহা ভাবুকি প্ৰতিৰোধ কৰিবৰ বাবে আৰু ইয়াক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ এইদৰে বৃক্ষৰোপণ কাৰ্যসূচীত নামি পৰে ভাৰতীয় সেনা ৷

শিক্ষক আৰু শিক্ষাৰ্থীৰ সৈতে সেনা জোৱান

বৃক্ষৰোপণৰ সময়ত শিক্ষাৰ্থীসকলৰ সৈতে সেনা

সোমবাৰে অসমৰ কাৰ্বি আংলং জিলাত নিয়োজিত হৈ থকা সেনাৰ ৰেডহৰ্ণ ডিভিজনে আয়োজন কৰে বৃক্ষৰোপণ কাৰ্যসূচী ৷ জিলাখনৰ মাঞ্জা লিটল ফ্লাৱাৰ স্কুলত বৃক্ষৰোপণ কৰে সেনাৰ দলটোৱে ৷ সেনাৰ দলটোৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিদ্যালয়খনৰ 11গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু 102 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৷

শিক্ষাৰ্থীৰ সৈতে সজাগতা সভাত সেনা

সেনাৰ দলটোৰ সৈতে শিক্ষাৰ্থীসকল

বৃক্ষৰোপণ কাৰ্যসূচীৰ সমান্তৰালভাৱে বিদ্যালয়খনত এক সজাগতা সভাও অনুষ্ঠিত কৰে সেনাৰ দলটোৱে ৷ সেনাৰ দলটোৱে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সংৰক্ষণকে ধৰি বহুকেইটা বিষয়ত বিশদ ব্যাখ্যা আগবঢ়ায় ৷ সেনাৰ এই প্ৰচেষ্টাক একেমুখে শলাগ লয় শিক্ষাৰ্থীসকলৰ অভিভাৱকে ৷

Intro:সেনাৰ উদ্যোগত মাঞ্জাত বৃক্ষৰোপন কাৰ্যসূচী ৷

ডিফু, ১৬ ছেপ্তম্বৰ:- পূব কাৰবি আংলঙত নিয়োজিত সেনাৰ প্ৰসিদ্ধ ৰেডহৰ্ণ ডিভিজনে গোলকীয় উঞ্চতা প্ৰতিৰোধৰ বাবে আৰু অজ'ন স্তৰ ৰক্ষাৰ্থে বৃক্ষৰোপন কাৰ্যসূচী সম্পন্ন কৰে ৷ সেনাৰ এক বিশেষ সূত্ৰে জানিব পৰা মতে একে উদ্দেশ্যলৈ সোমবাৰে কাৰবি আংলং জিলাৰ মাঞ্জা লিটুল ফ্লাৱাৰ স্কুলত বৃক্ষৰোপন অভিযান চলায় ৷ বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীকলৈ বিদ্যালয় খনত ২০০ জোপা বৃক্ষপুলি ৰূপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভনি কৰে ৷ উক্ত কাৰ্যসূচীত বিদ্যালয়খনৰ ১১ গৰাকী শিক্ষক- শিক্ষয়িত্ৰী আৰু ১০২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷ সহস্ৰ বলৰ এনে প্ৰয়াসক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক বৃন্দই উচ্চ প্ৰশংসা কৰে ৷ ইয়াৰোপৰি সেনাৰ এনে প্ৰচেষ্টাই জনসাধাৰণ আৰু সেনাৰ মাজত সদ্ভাব বৃদ্ধি কৰিব বুলি সচেতন মহলে মন্তব্য কৰিছে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*********Conclusion:*******---
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.