ETV Bharat / state

ডিফুত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ শুভ উদ্বোধন ড৹ তুলিৰাম ৰংহাঙৰ - আজাদী কা অমৃত মহোৎসৱ

'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনত দেওবাৰে ডিফুত আদৰ্শ অংগনবাদী কেন্দ্ৰসমূহৰ শুভ উদ্বোধন হৈ যায় ৷ উদ্ধোধন কৰে চিইএম ড৹ তুলিৰাম ৰংহাঙে(Ideal Anganwadi Centre inagruated by Dr. Tuliraam Rnghang) ৷

inauguration of adarsh anganwadi centres
আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্ধোধন
author img

By

Published : Aug 15, 2022, 3:26 PM IST

ডিফু, ১5 আগষ্ট : স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপিত হৈ থকা 'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি সংহত শিশু উন্নয়ণ সেৱা আঁচনিৰ অধীনত ৰাজ্যৰ বহু ঠাইত আদৰ্শ অংগনবাদী কেন্দ্ৰসমূহৰ শুভ উদ্ধোধন কৰা হয়(Azadi Ka Amrit Mahotsav) ৷ ইয়াৰে অংশস্বৰূপে দেওবাৰে কাৰ্বি আংলং জিলাৰ চাৰিটাকৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত আদৰ্শ অংগনবাদী কেন্দ্ৰসমূহ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয়(Ideal Anganwadi Centre in Karbi Anglong) ৷ ডিফু বীণাপাণি খেলপথাৰস্থিত ধৰমনালা আদৰ্শ অংগনবাদী কেন্দ্ৰত অংগনবাদী কেন্দ্ৰসমূহ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ৷

inauguration of adarsh anganwadi centres
অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্ধোধন

বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সমাজ কল্যাণ আৰু সংহত শিশু উন্নয়ন সেৱাৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰীণা তেৰাংপীৰ উপস্থিতিত আদৰ্শ অংগনবাদী কেন্দ্ৰসমূহ উদ্ধোধন কৰা হয় ৷ একেটা অনুষ্ঠানতে আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত অংগনবাদী কৰ্মীসকলৰ কষ্টৰ শলাগ লয় ৷ ৰংহাঙে অংগনবাদী কৰ্মীসকলৰ কষ্টৰ প্ৰতিদান স্বৰূপে লগতে শিশুৰ গুণগত শিক্ষাৰ বাবে পাৰদৰ্শিতা দেখুওৱা অংগনবাদী কেন্দ্ৰসমূহৰ যোগ্য সহায়িকা/কৰ্মীক কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই স্কুটি প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে অংগনবাদী সহায়িকা কৰ্মীসকলৰ কৰ্মৰ প্ৰতি উচিত সন্মান জনাই ৰংহাঙে তেওঁলোকক উন্নত মানৰ ইউনিফৰ্ম যোগান ধৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে (Promised to provide high quality uniforms) ৷

দেওবাৰৰ উদ্বোধনী কাৰ্যসূচীত বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি ধনছিং টেৰণ, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কেইবাগৰাকী ই এম, এমএচিকে প্ৰমুখ্যে কৰি বিভাগীয় বিষয়া-কৰ্মীসকল উপস্থিত থাকে । আদৰ্শ অংগনবাদী কেন্দ্ৰটোৰ তৰফৰ পৰা মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙক এখন স্মাৰক আৰু পহ'ৰে উষ্ম আদৰণি জনোৱা হয় ৷

লগতে পঢ়ক: উন্মুক্ত চালিৰে আকাশ চাব পৰা ৰাজ্যৰ এটা অংগনৱাড়ী কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.