ETV Bharat / state

কাৰ্বি আংলং-হোজাই সীমান্তত মূল্যৱান কাঠ জব্দ - বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জ

কাৰ্বি আংলং-হোজাই সীমান্তত মূল্যৱান কাঠ জব্দ ৷ বন বিভাগৰ অভিযানৰ ভূ পাই পলায়ন কৰে চোৰাং কাঠ সৰবৰাহকাৰীৰ দল ৷

কাৰ্বি আংলং-হোজাই সীমান্তত মূল্যৱান কাঠ জব্দ

author img

By

Published : Nov 10, 2021, 6:20 PM IST

ডিফু, ১০ নৱেম্বৰ : কাৰ্বি আংলং জিলাৰ বনাঞ্চল তহিলং কৰি অহা চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে শেহতীয়াকৈ জিলাখনৰ বনকর্মীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ৷ বিগত কেইটামান দিনত বনকর্মীৰ দলে নিয়মীয়াকৈ অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে এই ব্যৱসায়ত জড়িত কেইবাটাও সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ সময়তে বুধবাৰে জিলাখনৰ হোজাই-কাৰ্বি আংলং সীমান্তত বন বিভাগে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷

মূল্যৱান কাঠ জব্দ
মূল্যৱান কাঠ জব্দ

প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ বকলীয়াঘাটস্থিত কার্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকর্মীৰ এটা দলে কাৰ্বি আংলং-হোজাই জিলা সীমান্তৱর্তী জাংজোক বজাৰ এলেকাত অভিযান চলায় ৷ উক্ত অভিযানত বনকর্মীৰ দলটোৱে হাবিত লুকুৱাই ৰখা অৱস্থাত মূল্যৱান কাঠসমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷

কাৰ্বি আংলং-হোজাই সীমান্তত মূল্যৱান কাঠ জব্দ
বন বিভাগৰ অভিযান

আনহাতে, বনকর্মীৰ উপস্থিতিৰ উমান পাই চোৰাং কাঠ সৰবৰাহকাৰীৰ দলটো পলাই সাৰিবলৈ সক্ষম হয় ৷ জব্দ হোৱা কাঠখিনিৰ আনুমানিক বজাৰ মূল্য কমেও অর্ধ লক্ষাধিক টকা হ’ব বুলি অভিযানকাৰী দলটোৱে প্ৰকাশ কৰে ৷

লগতে চাওক: জিকা ভাইৰাছৰ আতংক: এন এইছ এমৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.