ডিফু,৯ মাৰ্চ : অবৈধ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে লাভ কৰিছে আন এক বৃহৎ সফলতা ৷ কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ অন্তৰ্গত হোজাই নালাৰ এছবিআই শাখাৰ ওচৰত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰখিনি ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সোমবাৰে নিশা ১০ মান বজাত ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত এখন বগা ৰঙৰ ইক' স্প’ৰ্টচ বাহনক ৰ’বলৈ নিৰ্দেশ দিয়ে আৰক্ষীয়ে ৷ কিন্তু বাহনখনে আৰক্ষীৰ নিৰ্দেশ উলংঘা কৰি তীব্ৰবেগে মাঞ্জাৰ দিশত গতি কৰে ৷
ডিলাই আৰক্ষীয়ে নিশা মাঞ্জা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ লগতে ডিলাই আৰক্ষীয়ে বাহনখনৰ পিছে পিছে খেদাৰ সমান্তৰালকৈ বিপৰীত দিশৰ পৰা মাঞ্জা আৰক্ষীয়ে বাহনখন কৰায়ত্ব কৰিবলৈ চেষ্টা কৰে ৷ ইপিনে চালকৰ লগতে মুঠ তিনিজন যুৱকে বাহনখন মাঞ্জাৰ ওচৰৰ হোজাই নালাত বাহনখন এৰি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷
মঙলবাৰে পুৱা কাৰ্বি আংলঙৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত মাঞ্জা থানা আৰু ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ক্ৰমে জিতুমণি ডেকা আৰু বিতোপন চুতীয়াৰ লগতে আৰক্ষী আৰু কমাণ্ডোৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ অভিযানকাৰী দলটোৱে বাহনখনৰ পৰা ৪০ টা চাবোনৰ পেকেটত লুকুৱাই অনা 492 গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সন্দেহযুক্ত ড্ৰাগছখিনিৰ বজাৰমূল্য ৬০-৭০ লাখ টকা হোৱাৰ অনুমান প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷