ETV Bharat / state

বকলীয়াঘাটত চোৰাং কাঠসহ ১০ জনক আটক

কাৰ্বি আংলঙৰ পৰা চোৰাংকৈ সৰবৰাহ হোৱা কাঠেৰে চুবুৰীয়া জিলা হোজাইত কেতবোৰ অবৈধ কাঠফলা মিল গঢ় লৈ উঠাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰবাবে সম্প্ৰতি দুয়োখন জিলাৰ সীমান্ত 'ছীল' কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

author img

By

Published : Oct 31, 2021, 9:58 PM IST

ILLEGAL TIMBER SEIZED AT BOKOLIA GHAT
বকলীয়াঘাটত চোৰাং কাঠসহ আটক ১০

ডিফু, ৩১ অক্টোবৰ : কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত শনিবাৰে নিশা বন বিভাগে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে 10টা চোৰাং কাঠ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কলীয়াঘাটস্থিতত কার্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকর্মীৰ এটা দলে হোজাই-কাৰ্বি আংলং জিলাৰ সীমান্তৱর্তী এলেকাত চোৰাং কাঠৰ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে চলায় এই অভিযান ।

বকলীয়াঘাটত চোৰাং কাঠসহ আটক ১০

উক্ত অভিযানৰ সময়ত বনকর্মীৰ দলটোৱে সীমান্তৱর্তী এলেকাৰ লগতে ৰজাপথাৰ তিনিআলিৰ পৰা দুখনকৈ চোৰাং কাঠভৰ্তি টাটা মোবাইল বাহন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা বাহন দুখনৰ নম্বৰ ক্ৰমে এ এছ-০১-বি চি-৮২১৯ আৰু এ এছ-০৮-৬২০৪ বুলি জানিব পৰা গৈছে । জব্দ হোৱা কাঠখিনিৰ বজাৰমূল্য প্ৰায় এক লাখ টকা বুলি বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়ে ।

ধৃত চোৰাং কাঠ সৰবৰাহকাৰীকেইটা ক্ৰমে বকলীয়াঘাট কংজুক আথৈ নিবাসী ৰিজু ইংহি (৩০), ৰিচিম বে' (৩২), চাৰছিং ইংতি (২৮), সঞ্জয় তেৰাং (২৬), ধৰ্মেন টকবি (৩০), লংনিট জিৰকা ইংতি গাঁৱৰ চেমচন ৰংফাৰ (২৫), কাজিৰঙা দিৰ্ংলাংছৰ চেমচন ক্ৰমছা (২৭), বকলীয়াঘাট পূৱ শিলপোতাৰ জীতেন ফাংছ' (৩৩), চকীহোলা কয়লামাটিৰ চাৰছিং ৰংপি (২৮) আৰু বকলীয়াঘাট জী লাংছৰ বিজয় তিমুং (২৮) বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক : মুকালমুৱাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.