ETV Bharat / state

সংঘাতৰ পৰিণতিতে টিকটৰ পৰা বঞ্চিত হ’লো: চুম ৰংহাং

বুধবাৰে লাংছ’মেপি ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত বকলীয়াঘাটস্থিত ইউনাইটেড কাৰ্বি ক্লাব প্ৰাংগণত এক বৃহৎ কৰ্মীসভা অনুষ্ঠিত কৰা হয় । লাংছ’মেপি ব্লক কংগ্ৰেছৰ সভাপতি লংকি ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ভাষণ প্ৰদান কৰি বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি সমাগত নিৰ্বাচনত হাতৰ খেল দেখুৱাবলৈ সাজু হোৱা বুলি মন্তব্য কৰে চুম ৰংহাঙে ।

বিজেপিত মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাতৰ পৰিণতিতে মই টিকটৰ পৰা বঞ্চিত হ’লো: চুম ৰংহাঙ

author img

By

Published : Mar 17, 2021, 8:56 PM IST

ডিফু,১৭ মাৰ্চ: ’লবীকেন্দ্ৰিক সংঘাতত জুৰুলা হৈছে বিজেপি দল । মুখ্যমন্ত্ৰী পদক কেন্দ্ৰ কৰি দলত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিতে আজি মই বঞ্চিত হ’লো ।’ এই মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা কংগ্ৰেছ দলৰ ডিফু সমষ্টিৰ প্ৰাৰ্থী চুম ৰংহাঙৰ ।

উল্লেখযোগ্য যে, বুধববাৰে লাংছ’মেপি ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত বকলীয়াঘাটস্থিত ইউনাইটেড কাৰ্বি ক্লাব প্ৰাংগণত এক বৃহৎ কৰ্মী সভা অনুষ্ঠিত কৰা হয় । লাংছ’মেপি ব্লক কংগ্ৰেছৰ সভাপতি লংকি ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ভাষণ প্ৰদান কৰি বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি সমাগত নিৰ্বাচনত হাতৰ খেল দেখুৱাবলৈ সাজু হোৱা বুলি মন্তব্য কৰে চুম ৰংহাঙে ।

বিজেপিত মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাতৰ পৰিণতিতে মই টিকটৰ পৰা বঞ্চিত হ’লো: চুম ৰংহাঙ
বিজেপিত মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাতৰ পৰিণতিতে মই টিকটৰ পৰা বঞ্চিত হ’লো: চুম ৰংহাঙ

বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ মিত্ৰজোঁটৰ বিজয় নিশ্চিত বুলি দাবী কৰি অহা বছৰ অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনতো বিজেপি দলক ক্ষমতাচ্যুত কৰাৰ বাবে দলীয় কৰ্মীসকলক আহ্বান জনায় । পৰিষদৰ ভিতৰচৰাত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই ষড়যন্ত্ৰমূলকভাৱে টিকটৰ পৰা বঞ্চিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে নেতা গৰাকীয়ে । এক এপ্ৰিলত কংগ্ৰেছৰ সমৰ্থনত ভোটদান কৰি বিজেপিৰ পদুম ফুলক এপ্ৰিল ফুললৈ পৰ্যবসিত কৰাৰ বাবে ৰংহাঙে দলৰ নেতা-কৰ্মীসকলক আহ্বান জনায় ।

কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি অশোক টেৰণে ভাষণ প্ৰসংগত এই নিৰ্বাচনতে বিজেপিক ক্ষমতাচ্যুত কৰাত ব্যৰ্থ হ’লে পাঁচ বছৰলৈকে জনতাই ইয়াৰ কু-ফল ভূগিবলগীয়া হ’ব বুলি সকীয়াই দিয়ে । প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডাঃ মংৱে ৰংপি, পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰদীপ ছিংনাৰ, প্ৰাক্তন উপাধ্যক্ষ মহেশ চৌহান, জিলা কংগ্ৰেছৰ উপ-সভাপতি ৰাতুল টেৰণকে ধৰি দলটোৰ ভালে সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে । আজিৰ সভাতে বিজেপি, এএছডিচি, চিপিআই(এমএল) দলৰ পৰা ৩০ টা পৰিয়ালে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ।

লগতে পঢ়কঃ জিতু গোস্বামীৰ হৈ বঢ়মপুৰত প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.