ETV Bharat / state

ডিফুত বৃহৎ আকাৰৰ কাছ উদ্ধাৰ

author img

By

Published : Apr 12, 2021, 7:27 PM IST

ডিফুৰ মাটিপুং অঞ্চলত উদ্ধাৰ হ'ল এটা বৃহৎ আকাৰৰ কাছ । ডিফুৰ জ্যেষ্ঠ সাংবাদিক আছাবুৰ ৰহমানৰ তৎপৰতাত কাছটো উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়া হয় । উদ্ধাৰ হোৱা কাছটোৰ ওজন ৩০ কিল’গ্ৰামৰো অধিক ।

ডিফুত বৃহদাকায় কাছ উদ্ধাৰ
ডিফুত বৃহদাকায় কাছ উদ্ধাৰ

ডিফু,১২ এপ্ৰিল: দেওবাৰে সন্ধিয়া কাৰ্বি আংলঙৰ ডিফু চহৰত এটা বৃহদাকায় কাছ উদ্ধাৰ হয় । চহৰখনত প্ৰচণ্ড বৃষ্টিপাত হোৱাৰ পিছতে মাটিপুং অঞ্চলত স্থানীয় লোকসকলে প্ৰকাণ্ড কাছটো প্ৰত্যক্ষ কৰে । পিছত উক্ত অঞ্চলৰে নিবাসী ডিফুৰ জ্যেষ্ঠ সাংবাদিক আছাবুৰ ৰহমানৰ তৎপৰতাত কাছটো উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়া হয় । উদ্ধাৰ হোৱা কাছটোৰ ওজন ৩০ কিল’গ্ৰামৰো অধিক বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, সমীপত কোনো জলাশয় নথকা মাটিপুঙৰ পাহাৰীয়া এলেকাত এনে বৃহৎ আকাৰৰ কাছৰ উদ্ধাৰে স্থানীয় লোকসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত বনবিষয়া ৰঞ্জন বৰুৱাই জানিবলৈ দিয়া মতে, এই বিশেষ প্ৰজাতিৰ কাছই কঠিন শিলৰ মাজতো জীয়াই থাকিব পাৰে ।

বিৰল প্ৰজাতিৰ কাছবিধ উদ্ধাৰৰ বাবে প্ৰদৰ্শন কৰা তৎপৰতাৰ বাবে সাংবাদিক আছাবুৰ ৰহমানৰো শলাগ লৈছে প্ৰকৃতি প্ৰেমীসকলে । বন বিভাগে উদ্ধাৰ হোৱা কাছটো ডিফুৰ 'আৰ্বৰেটাম কাম ক্ৰাফট চেণ্টাৰ'ত সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বিহু উদযাপনত ক’ভিড-১৯ ৰ নিৰ্দেশনা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.