ETV Bharat / state

হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং ভূমি কেলেংকাৰীত জড়িতৰ অভিযোগ

author img

By

Published : Dec 17, 2021, 2:25 PM IST

কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন (Press meet of Karbi Student Union) ৷ হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং ভূমি কেলেংকাৰীত জড়িতৰ অভিযোগ উত্থাপন কাৰ্বি ছাত্ৰ সন্থাৰ ৷ সংবাদমেলযোগে এই অভিযোগ তুলি বিধায়কগৰাকীক উচিত শাস্তি দিবলৈ সন্থাটোৱে আহ্বান জনাইছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক ৷

howrahat-mla-accused-of-involvement-in-land-scam
কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল

ডিফু, 17 ডিচেম্বৰ : ‘‘মহিলাৰে অশ্লীল বাৰ্তালাপ হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙৰ ! ভূমি কেলেংকাৰীতো জড়িত বিধায়কগৰাকী !’’ এয়া আচলতে আমি কোৱা কথা নহয়, জন প্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে কাৰ্বি ছাত্ৰ সন্থাই ৷ হাওৰাঘাটৰ বিধায়কগৰাকী গৰাকীৰ বিৰুদ্ধে এনে কেতবোৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন (Press meet of Karbi Student Union) কৰে কাৰ্বি ছাত্ৰ সন্থাই ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বিগত কিছুদিন পূৰ্বে ভাইৰেল হৈছিল হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙৰ এক অডিঅ’ ক্লিপ (Viral Audio of MLA Darsing Ronghang) ৷ এই অডিঅ’টো ভাইৰেল হোৱাৰ পিছতে জিলাখনৰ ৰাজনৈতিক পৰিৱেশ কিছু পৰিমাণে উত্তাল হৈ পৰে ৷ বিধায়কগৰাকীৰ এই ভাইৰেল অডিঅ’টোৱে কাৰ্বি আংলং বিজেপিৰ ভিতৰচ’ৰাতো একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰে ৷ পৰৱৰ্তী সময়ত এই অডিঅ’ সম্পৰ্কে সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰণ প্ৰকাশ কৰে বিধায়ক ৰংহাঙে ৷ বিধায়কগৰাকীয়ে এয়া ধেমালিতে কৰা বাৰ্তালাপ বুলিহে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল

কিন্তু বিধায়কগৰাকীৰ এনে আচৰণত ক্ষুণ্ণ হৈ পৰে কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছইউ-ৰ সদস্যসকল ৷ সন্থাৰ সদস্যসকলে এই সন্দৰ্ভত ডিফুৰ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ উক্ত সংবাদমেলত উপস্থিত থাকি কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ৰামছিং টকবীয়ে নীতি আৰু আদৰ্শৰ কথা কোৱা বিজেপিয়ে মহিলাক সন্মান জনাব নাজানে বুলি অভিযোগ কৰে ৷ এগৰাকী জন প্ৰতিনিধিৰ এনে অভব্য আচৰণে সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা কৰি দলীয়ভাৱে বিধায়কগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ৷

কেৱল এয়াই নহয়, বিধায়কগৰাকীৰ বিৰুদ্ধে উঠিছে ভূমি কেলেংকাৰীৰ অভিযোগ (Allegation of land grabbing) ৷ সন্থাই দাবী কৰা অনুসৰি, জিলাখনৰ বহুকেইটা ভূমি কেলেংকাৰীৰ বিষয়ত বিধাকগৰাকী জড়িত আছে ৷ দালালমুক্ত ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰাৰ সপোন দেখা মুখ্যমন্ত্ৰীক এনে এগৰাকী দালালক উচিত শাস্তি দিবলৈ সন্থাটোৱে আহ্বান জনায় ৷ অভিযোগ অনুসৰি, সমষ্টিটোৰ একাংশ মন্দিৰৰ লগতে বিখা টকবিপী নামৰ এগৰাকী মহিলাৰ মাটি বিধায়কগৰাকীয়ে নিজৰ নামত কৰি লয় ৷ তদুপৰি ৰংহাঙে ধনৰ লোভত ডবকাৰ পৰা ডিমাপুৰলৈ নিৰ্মাণ কৰি থকা ফ’ৰলেন হাইৱেৰ অধিকৃত ভূমিৰ একাংশও নিজৰ নামত কৰি লৈছে ৷

উল্লেখ্য যে, কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ ভূমি সংস্কৰণ দপ্তৰৰ অধ্যক্ষ পদত নিয়োজিত হৈ আছে বিধায়কগৰাকী ৷ যিয়ে নিৰ্ধাৰণ কৰে ভূমি পট্টা কোনে লাভ কৰিব বা নকৰিব ৷ এই পদমৰ্যদাৰ অপব্যৱহাৰ কৰি বিধায়কগৰাকীয়ে বহু ভূমি নিজৰ নামত কৰি লয় বুলি কাৰ্বি ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰে ৷ বিধায়ক দৰছিং ৰংহাঙৰ লগতে ৰাজহ বিষয়া টেনজিং ৰংপি আৰু মণ্ডল লংকি বেও এই ভূমি কেলেংকাৰীৰ লগত জড়িত বুলি সন্থাটোৱে অভিযোগ কৰে ৷ তদুপৰি শীঘ্ৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক এই বিষয়ত হস্তক্ষেপ প্ৰদান কৰি দোষীক উচিত শাস্তি বিহিবলৈ আহ্বান জনাই সন্থাটোৱে ৷

লগতে চাওক: পাহাৰীয়া জিলাত বৈধ হ’ব কয়লা খনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.