ডিফু, ৩০ মে': অহা ৮ জুনত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে (KAAC election 2022) ৷ এই প্ৰচাৰত নতুন মাত্ৰা প্ৰদান কৰি সোমবাৰৰ পৰা এলানি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma in Karbi Anglong)৷ সোমবাৰে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত মুঠ তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় ৷
সোমবাৰে পুৱা চিণ্ঠঙৰ বিৰছিংকিত বিজেপি দলৰ প্ৰাৰ্থী অবিনাশ ক্ৰ' আৰু আমৰিৰ প্ৰাৰ্থী ডি উফিং মাছলাইৰ সমৰ্থনত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কাৰ্বি আৰু তিৱা ভাষাৰে ভাষণৰ আৰম্ভণি কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষণত চিণ্ঠংত এগৰাকী যুৱকক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে প্ৰাৰ্থী গৰাকীক ভাল দায়িত্ব দিয়া হ’ব বুলি কয় (Himanta Biswa Sarma election campaign)৷
উন্নয়নৰ ধাৰা ডিফুৰ পৰা চিণ্ঠং, আমৰিলৈকে সম্প্ৰসাৰিত হ’ব লাগিব বুলি মত পোষণ কৰে মুখ্যমন্ত্ৰীয়ে ৷ পশ্চিম কাৰ্বি আংলং জিলাত কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে এশ কোটি টকা আৱণ্টন দিয়া বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ দিল্লী, দিছপুৰ, আৰু ডিফুত বিজেপিৰ তিনিটা ইঞ্জিনৰ চৰকাৰ চলি থকাৰ বাবেই এয়া সম্ভৱ বুলি তেওঁ উল্লেখ কৰে ৷
ইফালে, কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কংগ্ৰেছৰ ইঞ্জিন ক'ৰবাত ডবা ক'ৰবাত ৷ লগতে নতুনকৈ ভুমুকি মৰা দল সমুহ এতিয়াও বাচ্ছা হৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ ইয়াৰ পিছতে চ'ছেং ধেন্টা সমষ্টিৰ প্ৰাৰ্থী কাচে ৰংপিপীৰ সমৰ্থনত ৰংবংৱেস্থিত খা ইংতি খেলপথাৰত অনুষ্ঠিত হোৱা আন এখন নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰি প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
তেওঁ কয়, ‘‘কাৰ্বি আংলঙত যিমান উন্নয়ন হৈছে সিমানখিনি উন্নয়ন অন্য ৰাজ্যত হোৱা নাই । কাৰ্বি আংলঙক আমি নতুন পৰ্যায়লৈ লৈ যাব লাগিব । বিজেপি অহাৰ পৰা কাৰ্বি আংলং জিলালৈ শান্তি আহিল’’ ৷ কাৰ্বি আংলঙৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে দহ কোটি টকা ব্যয় সাপেক্ষে ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি এনে উন্নয়ন কাষৰীয়া অন্য জিলাতো হোৱা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।
পূৰ্বতে ৰংমংৱেৰ পৰা হাওৰাঘাট আৰু ডিফু লৈ যোৱাৰ বাবে স্থানীয় লোকে ভোগ কৰি অহা সমস্যা দূৰ কৰাৰ বাবে দিক্ৰু নদীৰ ওপৰত পকী দলং নিৰ্মাণ কৰি কৰকাণ্ঠি আৰু চ'ছেং ধেন্টা সমষ্টিক সংলগ্ন কৰি সমষ্টিটোৰ পৰা ডিফু আৰু হাওৰাঘাটলৈ যোৱা পথৰ দূৰত্ব ভালে খিনি হ্ৰাস কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । দেওপানী আৰু বৰডেকা নোৱাজানৰ মাজত এখন কাৰ্বিসকলৰ পৰম্পৰাগত প্ৰৱেশ তোৰণ নিৰ্মাণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰে ।
দলীয় কৰ্মীসকলক ঘৰে ঘৰে গৈ দলৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহক পাম্প নোহোৱা ফুটবলৰ সৈতে তুলনা কৰে ।
বিয়লি সৰিয়হজানত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সৰুপথাৰৰ বিজেপি প্ৰাৰ্থী কাদম তেৰাংপী আৰু বোকাজানৰ প্ৰাৰ্থী মাধুৰ্য ঢেকীয়াল ফুকনৰ সমৰ্থনত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি দল শাসনলৈ অহাৰ পৰাই কাৰ্বি আংলঙলৈ শান্তি ঘূৰি অহা বুলি মন্তব্য কৰে ।
ইয়াৰ উপৰিও ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ, বোকাজানৰ পৰা ডিফু সংযোগী ৰাজপথৰ অৱস্থা পূৰ্বে অতিকৈ বেয়া আছিল যদিও এই সকলো বাট-পথ ইতিমধ্যে সুন্দৰ হৈ পৰা বুলি উল্লেখ কৰে । জিলাখনত পথ যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগতে মোবাইল পৰিসেৱা পূৰ্বৰ তুলনাত অধিক উন্নত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । বোকাজান সমষ্টিত ৫৫ খন দলং নিৰ্মাণ কৰিবলগীয়া আছে যদিও ইয়াৰে পোন্ধৰখনৰ নিৰ্মাণ ইতিমধ্যে চৰকাৰে সম্পূৰ্ণ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।
চৰকাৰক এখন বাহনৰ সৈতে তুলনা কৰি ভোটাৰ ৰাইজক সেই বাহনৰ যাত্ৰী বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বতে সাধাৰণ ৰাইজ মন্ত্ৰীৰ ওচৰলৈ যাব লাগিছিল যদিও এতিয়া মন্ত্ৰীয়ে ৰাইজৰ ওচৰলৈ আহি ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় ।
বিগত এটা বছৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কমেও ২০ বাৰ কাৰ্বি আংলঙলৈ অহা বুলি মন্তব্য কৰে ৷ কাৰ্বি আংলং জিলাক আজিৰ তাৰিখত অসমৰ ভিতৰতে আটাইতকৈ উন্নত জিলা বুলি দাবী কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া হাস্পতাল আৰু ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য চলি থকা বুলি কয় ৷ বোকাজানৰ প্ৰাৰ্থী মাধুৰ্য ঢেকিয়াল ফুকনক কমেও পোন্ধৰ হাজাৰ ভোটৰ ব্যৱধানত জয়যুক্ত কৰোৱাৰ বাবে দলীয় সমৰ্থক সকলক আহ্বান জনোৱাৰ লগতে দেওপানী সমষ্টিত টিকট লাভৰ পৰা বঞ্চিত এম এচি মুকুট মহন্তকো মনোনীত সদস্য হিচাপে পৰিষদলৈ নিৰ্বাচিত কৰি নিয়া হ’ব বুলি মন্তব্য কৰে ৷
আনহাতে, আটাইকেইখন সভাতে মন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিকে ধৰি বিভিন্ন চৰকাৰী আঁচনি সমূহৰ কথা উল্লেখ কৰে ৷ সকলো সমষ্টিৰ পৰা পৰৱৰ্তী সময়ত অৰুণোদয় আঁচনিত অধিক লোকক সামৰি লোৱা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ৷ সৰিয়হজানৰ সভা অনুষ্ঠিত হোৱাৰ সময়তে বতৰে কিছু বিঘিনিৰ সৃষ্টি কৰিছিল যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে অংশ গ্ৰহণ কৰা আটাইকেইখন সভাতে কেইবা হাজাৰ লোক উপস্থিত হোৱা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ ৫০ কোটিৰ পেকেজ