ETV Bharat / state

Drugs Seized :বোকাজানত প্ৰায় 12 কোটি টকাৰ হেৰ’ইন জব্দ - বোকাজনত হেৰ’ইন জব্দ

ৰাজ্যৰ বিভিন্ন প্ৰন্তত প্ৰতিদিনে আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে মঙলবাৰে নিশা বোকাজানত উদ্ধাৰ হয় প্ৰায় 12 কোটি টকাৰ নিষিদ্ধ হেৰ’ইন ৷ পালয়নৰ চেষ্টা চলোৱা ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়ালে আৰক্ষীয়ে ৷

AS10035#DIPHU#17/11/2021# HUGE DRUGS SEIZED AT BOKATAN, TWO APPREHANDED
বোকাজনত 12 কোটি টকাৰ হেৰ’ইনসহ দুই যুৱক আটক
author img

By

Published : Nov 17, 2021, 10:46 AM IST

ডিফু, 27 নৱেম্বৰ : ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা ৷ 12 কোটি টকাৰ নিষিদ্ধ হেৰ’ইনসহ দুই সৰৱৰাহকাৰী আৰক্ষীৰ জালত ৷ বুধবাৰে নিশা বোকাজান আৰক্ষীৰ এক বিশেষ নাকা তালাচীত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ এই ড্ৰাগছখিনি ৷ আনহাতে, আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হয় এজন সৰৱৰাহকাৰী ৷

AS10035#DIPHU#17/11/2021# HUGE DRUGS SEIZED AT BOKATAN, TWO APPREHANDED
জব্দকৃত হেৰ’ইন

প্ৰাপ্ত তথ্য অনুসৰি, বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত, বোকাজানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনি চমুৱা, খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্ম, উপ পৰিদৰ্শক মৃদুল ৰুদ্ৰ পাল, সহকাৰী উপ পৰিদৰ্শক সুজিব বসুমতাৰী আৰু বোকাজানৰ মাটিপুল গাঁওৰক্ষী বাহিনীৰ সহযোগত চলোৱা হৈছিল তালাচী ৷ এই তালাচীৰ সময়তেই বোকাজানৰ দিশৰ পৰা আহি থকা যুৱকদুজনৰ পৰা 150 টা চাবোনৰ বাকচত 1 কেজি 777 গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয় ৷

হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 12 কোটি টকা বুলি জানিব পৰা গৈছে ৷ হেৰ’ইনখিনি বোকাজানৰ পৰা সৰুপথাৰৰ নাওঘাটলৈ নিবলৈ ওলাইছিল দুই সৰৱৰাহকাৰী বিমল তাছা আৰু ছাদ্দাম হুছেইনে ৷ ইয়াৰে বিমল তাছাৰ ঘৰ বোকাজানৰ ঘৰিয়াঁলডুবিত আৰু ছাদ্দাম হুছেইনৰ ঘৰ মৰিগাঁৱৰ পাতেকীবাৰীত বুলি জানিব পৰা গৈছে ৷

বোকাজনত 12 কোটি টকাৰ হেৰ’ইনসহ দুই যুৱক আটক

উল্লেখ্য যে, দুয়োকে কৰায়ত্ব কৰাৰ পিছত আৰক্ষীৰ গাড়ীৰ পৰা আৰক্ষীৰ ঠেলা মাৰি পলায়নৰ চেষ্টা চলাই দুয়োজন যুৱকে ৷ অৱশেষত আৰক্ষীৰ গুলীত ছাদ্দাম হুছেইন আঘাতপ্ৰাপ্ত হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ৰাজ্যত চলি থকা পোচাক সলোৱা ৰাজনীতিৰ শেষ ক’ত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.