ETV Bharat / state

ধীৰেনপাৰা ডকাইতি কাণ্ডৰ লগত জড়িত আৰু 2 গৰাকী লোকক গ্ৰেপ্তাৰ

author img

By

Published : Oct 22, 2021, 10:09 PM IST

ধীৰেনপাৰা ডকাইতি কাণ্ডৰ লগত জড়িত আৰু 2 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ শুকুৰবাৰে এক সংবাদমেলত এই কথা সদৰী কৰিছে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ DCP নৱনীত মহন্তই ৷ বাক্সাৰ পৰা লোক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে ।

DHIRENPARA ROBBERY CASE
ধীৰেনপাৰা ডকাইতি কাণ্ডৰ লগত জড়িত আৰু 2 গৰাকী লোকক গ্ৰেপ্তাৰ

গুৱাহাটী, 212 অক্টোবৰ : ধীৰেনপাৰা ডকাইতি কাণ্ডৰ লগত জড়িত আৰু 2 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে এই কথা সদৰী কৰিছে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ DCP নৱনীত মহন্তই ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি নৱনীত মহন্তই কয়, বাক্সাৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰা হৈছে ।
তেওঁলোক ক্ৰমে, অমৰজ্যোতি শৰণীয়া আৰু জমিন বড়ো ৷

এই দুয়োগৰাকী NDFB ৰ প্ৰাক্তন কেডাৰ আছিল । তদুপৰি বহু অপৰাধৰ লগত জড়িত আছিল অমৰজ্যোতি শৰণীয়া আৰু জমিন বড়ো ৷ ইফালে আৰক্ষীৰ জেৰাত ধৃত অমৰজ্যোতিয়ে লিটন মজুমদাৰক গুলিওৱা বুলি স্বীকাৰোক্তি দিছে ।

সমগ্ৰ ডকাইতি ঘটনাটো ধনৰ লেনদেনৰ বাবেই হোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে । এই সমগ্ৰ ঘটনাটোৰ প্ৰায় কেইটা অপৰাধী বিভিন্ন অপৰাধৰ লগত জড়িত । 10th APBNৰ গ্ৰেপ্তাৰ হোৱা কনিষ্টবলজনৰ গাড়ীখন ডকাইতি কাণ্ড সংঘটিত কৰা চক্ৰটোৱে ব্যৱহাৰ কৰিছিল ৷

উল্লখ্য যে, গৌতম পালৰ সোণৰ ব্যৱসায়ৰ লগতো এই চক্ৰটোৰ সম্পৰ্ক আছে বুলি তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ এই ঘটনাটোৰ লগত জড়িত আন সকলক বিচাৰি আৰক্ষীৰ অব্যাহত ৰাখিছে অভিযান ।

লগতে পঢ়ক: পালেংবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.