ETV Bharat / state

আৰক্ষী জোৱানলৈ ডিজিপিৰ ৰূপৰ প্ৰশস্তি পদক - আৰক্ষী জোৱানলৈ জিডিপিৰ ৰূপৰ প্ৰশস্তি পদক

বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসসহ কাৰ্বি আংলঙৰ পাঁচগৰাকী আৰক্ষী জোৱানলৈ ডিজিপিৰ ৰূপৰ প্ৰশস্তি পদক(DGPs Commendation Medal) ৷

GDPs Silver Commendation Medal to Police Constable
আৰক্ষী জোৱানলৈ জিডিপিৰ ৰূপৰ প্ৰশস্তি পদক
author img

By

Published : Oct 1, 2022, 10:39 PM IST

ডিফু, ১ অক্টোবৰ: অসম আৰক্ষী দিৱসৰ পৱিত্ৰ ক্ষণৰ লগত সংগতি ৰাখি ৰাজ্যত অসম আৰক্ষীৰ কৰ্তব্য পৰায়ণতা আৰু দক্ষতাৰ ভিত্তিত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা পাঁচগৰাকীকৈ এপিএছ বিষয়াক সোণৰ প্ৰশস্তি পদক প্ৰদান কৰে ৷ উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন আৰক্ষী থানা আৰু চকীত কৰ্তব্যৰত ২৫৪ গৰাকী জোৱানকো ডিজিপিয়ে ৰূপৰ প্ৰশস্তি পদক প্ৰদান কৰে (Assam Police day 2022) ৷

ডিজিপি কাৰ্যালয়ে কাৰ্বি আংলঙৰ বোকাজান মহকুমাত মহকুমা আৰক্ষী বিষয়া হিচাপে কৰ্মৰত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসলৈও আগবঢ়াইছে ডিজিপি ৰূপৰ প্ৰশস্তি পদক(DGPs Commendation Medal)৷

আনহাতে, কাৰ্বি আংলং জিলাৰ বিভিন্ন থানা, আৰক্ষী চকী আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত ক্ৰমে ইউবিচি বাবু সিং ক্ৰ', ইউবিচি ৰাজীৱ সিং, এবিচি চিকাৰী ইংতি, এবিচি অজয় তাঁতী আৰু ইউবিচি উমেশ কুৰ্মীয়ে ডিজিপিৰ ৰূপৰ প্ৰশস্তি পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: আইমী বৰুৱাক গ্ৰেপ্তাৰৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.