ETV Bharat / state

আন্তঃজিলা সীমান্তত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিপট্টা বিতৰণ - নগাঁও-কাৰ্বি আংলং সীমান্ত অঞ্চলত ভূমিপট্টা বিতৰণ

ভূমিপট্টা বিতৰণ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ৷ 15 গৰাকী হিতাধিকাৰীক আনুষ্ঠানিক ভাৱে ভূমিপট্টা বিতৰণ ৷ ইপিনে শীঘ্ৰেই অন্যান্য 500 গৰাকী হিতাধিকাৰীকো ভূমিপট্টা বিতৰণ কৰা হ’ব বুলি উল্লেখ কৰে তুলিৰাম ৰংহাঙে ৷

free land patta distribute to benificiary at diphu,আন্তঃজিলা সীমান্তত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিপট্টা বিতৰণ
আন্তঃজিলা সীমান্তত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিপট্টা বিতৰণ
author img

By

Published : Mar 10, 2020, 3:03 AM IST

Updated : Mar 10, 2020, 8:06 AM IST

ডিফু,10 মাৰ্চ: সোমবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ নগাঁও-কাৰ্বি আংলং সীমান্ত অঞ্চলত হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰা হয় ভূমিপট্টা ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা বিতৰণ কৰা হয় এই ভূমিপট্টা ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিপট্টা বিতৰণ

উল্লেখযোগ্য যে, 2018 বৰ্ষত উক্ত এলেকাৰ কাইফ'লাংচত স্থানীয় বাসিন্দা সকলৰ সৈতে হোৱা এক মুকলি পৰিচয় পৰ্বতে ভূমিপট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই সোমবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিৰ্বাচিত 15 গৰাকী হিতাধিকাৰীক আনুষ্ঠানিক ভাৱে বিতৰণ কৰে ভূমিপট্টা সমূহ ৷

আনুষ্ঠানিক এই বিতৰণ অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ উপৰিও সাংসদ হৰেণছিং বে', ই এম অমৰছিং তিছ', স্থানীয় এমএচি ৰিচাৰ্ড টকবীৰ লগতে অনান্য ইএম, এমএচি পৰিষদৰ প্ৰধান সচিব, জিলা বন বিষয়া আৰু এআৰঅ' উপস্থিত থাকে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত কয় যে, ৰাজহ বিভাগৰ ভাৰপ্ৰাপ্ত ইএমৰ প্ৰতিবেদন অনুসৰি শীঘ্ৰেই 500 গৰাকী অন্যান্য হিতাধিকাৰীৰ মাজতো বিতৰণ কৰা হ’ব ভূমিপট্টা ৷ আনহাতে সাংসদ হৰেণছিং বে'ই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এনে পদক্ষেপক উচ্চ প্ৰশংসা কৰে ৷

Last Updated : Mar 10, 2020, 8:06 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.