ETV Bharat / state

কাৰ্বিভূমিৰ দুগৰাকী বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাবী তুলিৰাম ৰংহাঙৰ - স্বায়ত্বশাসিত পৰিষদ

বুধবাৰে ডিফুৰ আৰ্বৰেটাম কাম ক্রাফট চেন্টাৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত কাৰ্বি আংলঙৰ পৰা নির্বাচিত চাৰি বিধায়কক উষ্ম আদৰণি জনােৱা হয় । সম্বৰ্ধনা অনুষ্ঠিত থাকি স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অসম চৰকাৰৰ মন্ত্রীসভাৰ প্ৰথমখন তালিকাত পার্বত্য জিলাকেইখনৰ পৰা এগৰাকীও বিধায়কক অন্তর্ভুক্ত নকৰাত ক্ষোভ প্ৰকাশ কৰি দুগৰাকী বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাবী উত্থাপন কৰে ৷

FOUR HILLY MLA FELICIATED AT DIPHU
ডিফুত পাৰ্বত্য জিলাৰ চাৰি বিধায়কক উষ্ম আদৰণি জিলা বিজেপিৰ
author img

By

Published : May 13, 2021, 9:26 AM IST

ডিফু,13 মে': ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্রীসভাৰ প্ৰথমখন তালিকাত পার্বত্য জিলাকেইখনৰ পৰা এগৰাকীও বিধায়কক অন্তর্ভুক্ত নকৰাত ক্ষোভিত হৈছে স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷ এই প্রসংগক কেন্দ্ৰ কৰি জিলাকেইখনত প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে বুধবাৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পার্বত্য জিলাকেইখনৰ পৰা দুগৰাকী বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাবী উত্থাপন কৰে ৷

বুধবাৰে ডিফুৰ আৰ্বৰেটাম কাম ক্রাফট চেন্টাৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠিত থাকি এই দাবী উত্থাপন কৰে ৰংহাঙে ৷ এই সম্বৰ্ধনা অনুষ্ঠানত কাৰ্বি আংলঙৰ পৰা নির্বাচিত চাৰি বিধায়ক ক্ৰমে বােকাজানৰ ডাঃ নােমল মমিন, ডিফুৰ বিদ্যাছিং ইংলেং, হাওৰাঘাটৰ দৰছিং ৰংহাং আৰু বৈঠালাংছ’ৰ বিধায়ক ৰূপছিং টেৰণক দলৰ তৰফৰ পৰা উষ্ম আদৰণি জনােৱা হয় ।

ডিফুত পাৰ্বত্য জিলাৰ চাৰি বিধায়কক উষ্ম আদৰণি জিলা বিজেপিৰ

আনহাতে, বিগত বিধানসভা নির্বাচনত আগবঢ়োৱা সহযােগিতাৰ বাবে সকলাে ৰাইজ, দল-সংগঠন, দলীয় কর্মী আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰি আগত দিনত সকলােৱে একেলগে কাম কৰি যােৱাৰ প্রতিশ্রুতি প্রদান কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে । জিলাখনৰ সকলােধৰণৰ সমস্যাই আলাপ আলােচানাৰ মাজেৰে সমাধানৰ পথ উলিওৱা হ'ব বুলি উল্লেখ কৰাৰ লগতে কৰ'ণাৰ সংকট অন্ত পৰাৰ পিছতে জিলাখনৰ উগ্রপন্থী সংগঠনসমূহৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে মুখ্য কাৰ্যবাহীগৰাকীয়ে ।

লগতে পঢ়ক: বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.