ETV Bharat / state

২৫ লাখ টকা ব্যয়ৰে অমৃত উদ্যানৰ আধাৰশিলা

ডিফু আৱৰ্ত ভৱনৰ সন্মূখত সাংসদ পুঁজিৰ জৰিয়তে ২৫ লাখ টকা ব্যয় সাপেক্ষে অমৃত উদ্যানৰ আধাৰশিলা স্থাপন ৷ দিল্লীৰ পৰা ভূমি আনি ডিফুত অমৃত উদ্যান নিৰ্মাণ কৰা হ’ব - সাংসদ হৰেণছিং বে’ ৷

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 10:20 PM IST

Foundation stone of Amrit Udyan at a cost of Rs 25 lakh in front of Diphu Circular Building
অমৃত উদ্যানৰ আধাৰশিলা
সাংসদ হৰেণছিং বে’

ডিফু, 30 নৱেম্বৰ : বৃহস্পতিবাৰে ডিফুত এখন অমৃত উদ্যানৰ আধাৰশিলা স্থাপন কৰা হয় ৷ আজি বিয়লি ডিফু আৱৰ্ত ভৱনৰ সন্মূখত এখন গাম্ভীৰ্যপূৰ্ণ সভাত অমৃত উদ্যানখনৰ আধাৰশিলা স্থাপন কৰে সাংসদ হৰেণছিং বে’ই ৷ উল্লেখ্য যে, এই উদ্যানখন স্থাপনৰ বাবে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিছে কাৰ্বি আংলং জিলাৰ আয়ুক্ত মধুমিতা ভাগৱতীয়ে ৷

দিল্লীৰ পৰা ভূমি আনি ডিফুত অমৃত উদ্যান নিৰ্মাণ কৰা হ’ব । এই উদ্যানে ইতিহাসৰ সাক্ষী বহন কৰিব । 3 নম্বৰ ডিফু অনুসূচীত জনজাতিৰ লোকসভা সমষ্টিৰ সাংসদ হৰেণছিং বে’ য়ে আজি ডিফু আৱৰ্ত ভৱনৰ সন্মুখত থকা পৰিত্যক্ত উদ্যানত অমৃত উদ্যান নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰি সাংবাদিকৰ আগত এইদৰে কয় । তেওঁ টিম কাৰ্বি আংলঙৰ সৈতে সংঘাত হোৱা নাই বুলি সাংবাদিকৰ প্ৰশ্নোত্তৰত কয় আৰু ঘৰুৱা সমস্যাৰ বাবে এইকেইদিন ঘৰতে থকা কথা উল্লেখ কৰে ৷

এতিয়া ঘৰুৱা সমস্যাৰ কিছুদিন আঁতৰি থাকি পুনৰ ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিম বুলি ব্যক্ত কৰে । জিলা আয়ুক্তৰ প্ৰস্তাৱত সমৰ্থন কৰি এই উদ্যান নিৰ্মাণৰ বাবে 25 লাখ টকা সাংসদ উন্নয়ন এলেকা পুঁজিৰ পৰা ব্যয় কৰা হ’ব বুলিও সাংসদগৰাকীয়ে বহলাই কয় । অনুষ্ঠানত কাৰ্বি লামমেত আমেইৰ সম্পাদক জয়ছিং তকবি, জিলা সাহিত্য সভাৰ সম্পাদক দেবেন কাকতি, বিশিষ্ট সাংবাদিক সঞ্জু বৰা আৰু বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে ।

সভাৰ আৰম্ভণিতে জিলা উপায়ুক্ত মধুমিতা ভাগৱতীয়ে আদৰণি ভাষণ প্ৰদান কৰি সাংসদগৰাকীয়ে এই অমৃত উদ্যানৰ বাবে সাংসদ পুঁজি আগবঢ়োৱাৰ বাবে সাংসদ গৰাকীক কৃতজ্ঞতা প্ৰদান কৰে ৷ অমৃত উদ্যানটোখনত এক আটক ধুনীয়া ঘূৰণীয়া মঞ্চ, ৰাইজক বহিবৰ বাবে গেলাৰী আৰু ইয়াক চোৱাচিতাৰ বাবে এখন কমিটি গঠন কৰা হ’ব বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : লোকসভা নির্বাচনত ডিফুত বিজেপি দলে 3 লাখৰো অধিক ভোটত জয়ী হোৱাৰ দাবী তুলিৰাম ৰংহাঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.