ETV Bharat / state

ডিফুত হস্ততাঁত বস্ত্ৰ শিল্প ভৱনৰ আধাৰ শিলা স্থাপন

author img

By

Published : Jun 29, 2021, 8:47 AM IST

কাৰ্বি আংলং জিলাত শেহতীয়াকৈ ৰাজ্য চৰকাৰে উন্নয়নৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ যুটীয়া সঞ্চালকৰ এটি তিনি আধাৰশিলা স্থাপন ৷

ডিফুত হস্ততাঁত বস্ত্ৰ শিল্প ভৱনৰ আধাৰ শিলা স্থাপন
ডিফুত হস্ততাঁত বস্ত্ৰ শিল্প ভৱনৰ আধাৰ শিলা স্থাপন

ডিফু, 29 জুন : সোমবাৰে ডিফুত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ যুটীয়া সঞ্চালকৰ এটি তিনি মহলীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় ৷ বছেৰেকীয়া বাজেটৰ SOPDৰ অধীনত নিৰ্মাণ কৰিবলৈ ধৰা ভৱনটোৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

আধাৰশিলা স্থাপন কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে কয় যে, ‘এই ভৱনটো সম্পূৰ্ণ হোৱাৰ লগে লগে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষকৈ যুৱতীসকলৰ বাবে হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণ গ্ৰহণৰ ক্ষেত্ৰত বহুখিনি সুবিধা হ’ব ৷ তেনে স্বাৰ্থতে আগত ৰাখিয়েই এই ভৱনটো নিৰ্মাণ কৰা হৈছে ৷’ এই অনুষ্ঠানত পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰতন টেৰণ, বিধায়ক বিদ্যাছিং ইংলেং প্ৰমুখ্য পৰিষদৰ পাৰিষদসকল উপস্থিত থাকে ৷

উল্লেখযোগ্য যে, কাৰ্বি আংলং জিলাত শেহতীয়াকৈ ৰাজ্য চৰকাৰে উন্নয়নৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷ ৰাজ্য চৰকাৰ একোজনকৈ মন্ত্ৰী জিলাখন পৰিভ্ৰমণ কৰি তাৰ উন্নয়নৰ খতিয়ান লোৱা পৰিলক্ষিত হৈছে ৷ ইপিনে জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অপৰ্ণ কৰা হৈছে ৰাজ্যৰ ৰাজহ মন্ত্ৰী যোগেন মহনক ৷

মন্ত্ৰী যোগেন মহনে পাহাৰীয়া জিলাখনত উপস্থিত হৈ তাৰ সমস্যাসমূহৰ বুজ লৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ একেদৰে কাৰ্বি পাহাৰৰ দীৰ্ঘদিনীয়া উগ্ৰপন্থীৰ সমস্যা সামাধান কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু অতি শীঘ্ৰে এই সমস্যা সামাধান হোৱাৰ পথত ৷ এনেদৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে পাহাৰীয়া জিলাখন উন্নয়ন কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক ৷

লগতে পঢ়কঃ খেতিয়ক ৰূপত বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.