ETV Bharat / state

কৃত্ৰিম বানত বুৰিছে ডিফু চহৰ - পানী নিষ্কাশন ব্যৱস্থা

মঙলবাৰে নিশা অহা মুষলধাৰ বৰষুণৰ ফলত ফেনে ফোটোকাৰে ভৰি পৰিছে ডিফু নদী ৷ যাৰ ফলত বহত্তৰ ডিফু চহৰত সম্প্ৰতি সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷

কৃত্ৰিম বান
কৃত্ৰিম বান
author img

By

Published : Jul 29, 2020, 4:15 PM IST

ডিফু, 29 জুলাই: মঙলবাৰে নিশা অহা মুষলধাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে ডিফুৰ বিস্তীৰ্ণ অঞ্চল ৷ তিনি ঘন্টাজোৰা প্ৰৱল বৰষুণৰ ফলত ফেনে ফোটোকাৰে ভৰি পৰে ডিফু নদী ৷ যাৰ ফলত ৰাতিৰ ভিতৰতে কৃত্ৰিম বানৰ সৃষ্টি হয় বৃহত্তৰ ডিফু চহৰত ৷ কৃত্ৰিম বানে এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদকে ধৰি দাঁতিকাষৰীয়া অঞ্চলসমূহত ৷

কৃত্ৰিম বানত বুৰিছে ডিফু চহৰ

সম্পূৰ্ণ প্লাৱিত হৈ পৰিছে চহৰখনৰ মূল বজাৰকে ধৰি পানবাৰী,শীতলাবাড়ী,শান্তি পট্টি,হৰিলাল বস্তি,ধৰমনালা আৰু চহৰখনৰ কেতবোৰ এলেকা ৷ ইতিমধ্যে এই বানৰ কবলৰ পৰা ৰক্ষা পাবলৈ অস্থায়ী শিবিৰ নিৰ্মাণ কৰিছে পানবাৰী এলেকাৰ বানপীড়িতই ৷ উল্লেখ্য যে,ডিফু চহৰৰ নদীৰ পাৰতে বহু লোকে বাসস্থান নিৰ্মাণ কৰাৰ লগতে,চহৰখনত কোনো পানী নিষ্কাষণ ব্যৱস্থা নথকাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি উল্লেখ অভিযোগ কৰিছে একাংশ স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: ডিফুত ভূমিস্খলনত সৰ্বহাৰা বিধবা মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.