ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মীন বিভাগৰ উদ্যোগত মাছৰ পোনা বিতৰণ

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মীন বিভাগৰ উদ্যোগত শুকুৰবাৰে ডিফুৰ মীন পালক সকলৰ মাজত বিনামূলীয়াকৈ মাছৰ পোনা বিতৰণ কৰা হয় ৷ মাছৰ পোনা বিতৰণ কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

author img

By

Published : Aug 20, 2021, 8:18 PM IST

Karbi Anglong Autonomous Council
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মীন বিভাগৰ উদ্যোগত মাছৰ পোনা বিতৰণ

ডিফু, ২০ আগষ্টঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মীন বিভাগৰ উদ্যোগত শুকুৰবাৰে ডিফুৰ একুৱাচেণ্ট্ৰিক পাৰ্কত আনুষ্ঠানিকভাৱে মীন পালক সকলৰ মাজত বিনামূলীয়াকৈ মাছৰ পোনা বিতৰণ কৰা হয় ৷ এই উপলক্ষে বৈঠালাংছ বিধানসভাৰ বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিভাগীয় ইএম ৰূপছিং টেৰণৰ সভাপতিত্বত এখন সভাৰ আয়োজন কৰা হয় ৷

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷ সভাত ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত লুম্বাজং, সিংহাসন আৰু ধনশিৰি পৰিষদীয় সমষ্টিত মাছৰ পোনা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ পৰৱৰ্তী সময়ত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৬ টা সমষ্টিতে মাছৰ পোনা বিতৰণ কাৰ্যসূচী বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়ক: ১ ছেপ্টেম্বৰত আজমলক এৰি ফণী যাব বিজেপিলৈ

মুখ্য অতিথি তুলিৰাম ৰংহাঙে কয়, উঠি অহা নৱ প্ৰজন্ম আৰু কৃষক সকলে মীন পালনৰ জৰিয়তে স্বাৱলম্বী হ'বৰ বাবে মীন বিভাগৰ উদ্যোগত বিনামূলীয়াকৈ মাছৰ পোনা বিতৰণৰ ব্যৱস্থা কৰা হৈছে ৷ পৰৱৰ্তী সময়ত ২৬ টা পৰিষদীয় সমষ্টিৰ চুকে কোনে হিতাধিকাৰীৰ আবেদনৰ ভিত্তিত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিজৰ পুঁজীত বিনামূলীয়াকৈ পুখুৰী খন্দাৰ লগতে মাছৰ পোনা যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে তুলিৰাম ৰংহাঙে ৷

আনহাতে ডিফু বিধান সভা সমষ্টিৰ বিধায়ক বিদ্যাচিং ইংলেঙে ভাষণ প্ৰসংগত কয়, কাৰ্বি আংলঙৰ যুৱ প্ৰজন্মই কষ্ট স্বীকাৰ কৰি পাহাৰৰ মাটিত মীন পালনৰ বাবে পুখুৰী খান্দি ব্যৱসায় কৰিলে স্বাৱলম্বী হ'ব পাৰিব ৷ নগাঁও, মোৰাঝাৰ আৰু নীলবাগান আদি ঠাইৰ লোক সকলে মাছৰ পোনা কাৰ্বি আংলঙ তথা বিভিন্ন ঠাইত বিক্ৰী কৰি ব্যৱসায় চলাই আছে ৷ তেওঁলোকৰ কষ্টৰ প্ৰশংসা কৰিবই লাগিব বুলিও কয় বিদ্যাচিং ইংলেঙে ৷

উল্লেখ্য যে, মাছৰ পোনা বিতৰণ কাৰ্যসূচীত হাওৰাঘাট বিধান সভা সমষ্টিৰ বিধায়ক দৰচিং ৰংহাঙ, পৰিষদৰ ইএম অমৰচিং তিচ' আদিৰ লগতে বিভাগীয় বিষয়া-কৰ্মীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: অসমৰ দুগৰাকী শিক্ষকলৈ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.