ETV Bharat / state

বৈঠালাংছ'ত পোন প্ৰথমবাৰৰ বাবে লুপ্তপ্ৰায় খিলঞ্জীয়া ভাষাৰ বোলছবি মহোৎসৱ - পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ'

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ'ত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় উত্তৰ পূৱ ভাৰতৰ লুপ্তপ্ৰায় খিলঞ্জীয়া ভাষাৰ বোলছবি মহোৎসৱ । এই বোলছবি মহোৎসৱখন ৰাষ্ট্ৰসংঘৰ ইউনিচেফ আৰু উত্তৰ পূৱ ভাৰত লোকসংস্কৃতি গৱেষণা কেন্দ্ৰ "আৰ্হি"ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৷

First Indigenious language endangered film festival at Karbi Anglang
বৈঠালাংছ'ত পোন প্ৰথমবাৰৰ বাবে লুপ্তপ্ৰায় খিলঞ্জীয়া ভাষাৰ বোলছবি মহোৎসৱ
author img

By

Published : Dec 25, 2019, 10:29 PM IST

ডিফু, 25 ডিচেম্বৰঃ ৰাষ্ট্ৰসংঘৰ ইউনিচেফ আৰু উত্তৰ পূৱ ভাৰত লোকসংস্কৃতি গৱেষণা কেন্দ্ৰ "আৰ্হি"ৰ উদ্যোগত বুধবাৰে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ'ত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় উত্তৰ-পূৱ ভাৰতৰ লুপ্তপ্ৰায় খিলঞ্জীয়া ভাষাৰ বোলছবি মহোৎসৱ । এই মহোৎসৱত বৈঠালাংছ' কেন্দ্ৰীয় শংকৰ মন্দিৰৰ নামঘৰীয়া বুবুল শইকীয়াই বন্তি প্ৰজ্বলন আৰু বিশিষ্ট ব্যক্তি হেমৰাম দাসে ধুপ জ্বলাই আৰম্ভণি কৰা অনুষ্ঠানটিৰ উদ্বোধন কৰে 1 নং দোৱাৰ আমলা পৰিষদীয় সমষ্টিৰ সদস্য প্ৰভাত তাৰই ৷ এই মহোৎসৱত 4 খন বোলছবি প্ৰদৰ্শন কৰাৰ লগতে দুখন শিশু নাটিকা আৰু এখনি নৃত্য নাটিকা মঞ্চস্থ কৰা হয় ।

বৈঠালাংছ'ত পোন প্ৰথমবাৰৰ বাবে লুপ্তপ্ৰায় খিলঞ্জীয়া ভাষাৰ বোলছবি মহোৎসৱ

আনহাতে কাৰ্বি ছবি "ৱ'ছ'বিপ' " মৰাণ ভাষাৰ ছবি "হান্দুক" ত্ৰিপুৰাৰ কৰক বৰক ভাষাৰ ছবি "Kwtham Kothoma" আৰু চিকিমৰ লেপছা ভাষাৰ বোলছবি "Dhokbu" প্ৰদৰ্শন কৰা হয় । স্মৰ্তব্য যে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন মতে বিশ্বত প্ৰতিমাহে দুটাকৈ খিলঞ্জীয়া ভাষাৰ ইতিমধ্যে মৃত্যু হৈ আছে । ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে ইউনিচেফে এই পদক্ষেপ গ্ৰহণ কৰিছে । অনাগত 10 বছৰৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বৰ খিলঞ্জীয়া ভাষা উদ্ধাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । আনহাতে নিজৰ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বৈঠালাংছ'ত কণ কণ শিশুসকলে বলিষ্ঠ কণ্ঠেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

আৰু পঢ়কঃ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

Intro:

** ইউনিচেফ আৰু উত্তৰ পূৱ ভাৰত গৱেষণা কেন্দ্ৰ "আৰ্হি"ৰ উদ্যোগত লুপ্তপ্ৰায় খিলঞ্জীয়া ভাষাৰ বোলছবি মহোৎসৱ৷**

ডিফু:- ৰাষ্ট্ৰসংঘৰ ইউনিচেফ আৰু উত্তৰ পূৱ ভাৰত লোকসংস্কৃতি গৱেষণা কেন্দ্ৰ "আৰ্হি"ৰ উদ্যোগত আজি পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ' ত গ্ৰাম্যাঞ্চলত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় উত্তৰ পূৱ ভাৰতৰ লুপ্তপ্ৰায় খিলঞ্জীয়া ভাষাৰ বোলছবি মহোৎসৱ।এই মহোৎসৱত বৈঠালাংছ' কেন্দ্ৰীয় শংকৰ মন্দিৰৰ নামঘৰীয়া বুবুল শইকীয়াৰ বন্তি প্ৰজ্বলন আৰু বিশিষ্ট ব্যক্তি হেমৰাম দাসে ধুপ জ্বলাই আৰম্ভণি কৰা অনুস্থানটিৰ উদ্বোধন কৰে ১ নং দোৱাৰ আমলা পৰিষদীয় সমষ্টিৰ সদস্য প্ৰভাত তাৰই |এই মহোৎসৱত 4খন বোলছবি প্ৰদৰ্শন কৰাৰ লগতে দুখন শিশু নাটিকা আৰু এখনি নৃত্যনাটিকা মঞ্চস্থ কৰা হয়। কাৰ্বি ছবি "ৱ'ছ'বিপ' " মৰাণ ভাষাৰ ছবি "হান্দুক" ত্ৰিপুৰাৰ কৰক বৰক ভাষাৰ ছবি "Kwtham Kothoma" আৰু চিক্কিমৰ লেপছা ভাষাৰ বোলছবি "Dhokbu" প্ৰদৰ্শন কৰা হয়। স্মতব্য যে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন মতে বিশ্বত প্ৰতিমাহে দুটাকৈ খিলঞ্জীয়া ভাষাৰ মৃত্যু হৈছে। ভাষা সংস্কৃতিৰ ৰক্ষাৰ বাবে ইউনিচেফে এই পদক্ষেপ গ্ৰহণ কৰিছে। অনাগত ১০ বছৰৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বৰ খিলঞ্জীয়া ভাষা উদ্ধাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আানহাহাতে নিজৰ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে আৰু "কা" বিৰুধী পদক্ষেপ লৈ আজি বৈঠালাংছ'ত কণ কণ শিশু সকলে বলীষ্ঠ কণ্ঠেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ছাইদুল ইছলাম, ডিফু ৷৷Body:*******Conclusion:********
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.