ডিফু, ১২ অক্টোবৰ:-ডিফুৰ বৰলাংফেৰত দেওবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। গুৰুতৰভাৱে আহত হয় শিশুসহ ৩জন লোক। নিশা চার্থে ছিংথং গাঁৱৰ ধনীৰাম টকবি নামৰ এজন লােকৰ ঘৰত এই ঘটনা সংঘটিত হয়। নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে ধনীৰাম টকবিৰ বাসগৃহ। বাসগৃহৰ ভিতৰত থকা সকলো সামগ্ৰী জ্বলি ছাৰ-খাৰ হয়। হঠাতে সংঘটিত হোৱা এই অগ্নিকাণ্ডত ধনীৰাম টকবিৰ লগতে পত্নী মাৰিনা ইংহিপী আৰু ডেৰ বছৰীয়া পুত্র সন্তান আহত হয়।
বৰ্তমানেও সংকটজনক অৱস্থাত আছে আংছিৰ টকবি নামৰ শিশুটি আৰু মাতৃ মাৰিনা ইংহিপী। গুৰুতৰভাৱে আঘাতপ্রাপ্ত মাতৃ-পুত্রক নিশাই ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়। পিছত উন্নত চিকিৎসাৰ বাবে নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হােৱা নাই।