ETV Bharat / state

HSLC-HSSLC ত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডিফুত সম্বৰ্ধনা - উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ডিফুত সম্বৰ্ধনা

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ 33 গৰাকী ছাত্ৰ-ছাত্ৰীক ডিফুত সম্বৰ্ধনা (HS and HSLC Exam) ৷ ডিফুৰ হৰিলালবস্তি আৰু ৰংনিহান পথাৰ গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত আয়োজন কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠান ৷

felicitation of brilliant student in karbi anglong
সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডিফুত সম্বৰ্ধনা
author img

By

Published : Jul 9, 2022, 10:29 AM IST

ডিফু, 9 জুলাই: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ডিফু থানা এলেকাৰ হৰিলালবস্তি আৰু ৰংনিহান পথাৰ গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত শুকুৰবাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়(Felicitation program held at karbi anglong) ৷

felicitation of brilliant student in karbi anglong
সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডিফুত সম্বৰ্ধনা

ডিফু হৰিলালবস্তিস্থিত আব্দুল মতিন তালুকদাৰৰ বাসগৃহত অনুষ্ঠিত সভাখনত ডিফু চহৰৰ বিভিন্ন স্থানৰ প্ৰায় 33গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলৰ থোপা, গামোচা, অভিধান, সম্বৰ্ধনা পত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয় ৷ ডিফুৰ সচেতন যুৱক আকিব আহমেদে আঁত ধৰা আৰু নুৰুল ইছলামৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা কুন্তিলা ৰংহাঙপী ৷

তেওঁ ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক নিজৰ কেৰিয়াৰ তথা শৈক্ষিক জীৱনৰ সিদ্ধান্ত লওঁতে পিতৃ-মাতৃৰ পৰামৰ্শ লোৱাৰ আহ্বান জনায় ৷ মুখস্থ বিদ্যাতকৈ নিজে বনাই লিখা গুণ থাকিলে পৰীক্ষাত অধিক সফলতা লাভ কৰিব লাগে বুলি মন্তব্য কৰে ৰংহাঙপীয়ে ৷

আনহাতে অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই ছাত্ৰ-ছাত্ৰীসকলক জীৱনত সফলতা লাভ কৰিবলৈ কঠোৰ শ্ৰম কৰাৰ বাবে আহ্বান জনায় ৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আহ্বান জনায় ৷

নেলচন মেণ্ডেলাৰ উদ্ধৃতি দি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে সমাজ পৰিৱৰ্তন বা বিকশিত কৰিবলৈ হ’লে শৈক্ষিক পৰিৱেশ গঢ়ি তুলিব লাগিব ৷অনুষ্ঠানলৈ সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱা ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন শিক্ষক মজাহাৰুল ইছলামে গুণগত শিক্ষাৰ মানদণ্ডৰ লগতে শিক্ষাৰ সকলো দিশ সাঙুৰি মনোজ্ঞ আৰু বিস্তৃত বাখ্যা দাঙি ধৰে ৷

কঠোৰ পৰিশ্ৰম কৰি জীৱনত নিজৰ লক্ষ্যত উপনীত হ’বলৈও ইছলামে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷সভাত সভাপতি নুৰুল ইছলাম, জ্যেষ্ঠ সাংবাদিক ছুহন প্ৰসাদ মাহাতু, কেএছএ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পল তেৰাঙ আৰু কেএছএৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মণিৰাম টেৰণ, ভিডিপি ডিফু থানা কমিটিৰ সভাপতি হেমাৰী তিমুঙ, উপ উপদেষ্টা কুমছিং টেৰণেও শিক্ষাৰ ওপৰত গঠনমূলক আৰু বহুমূলীয়া বক্তব্য প্ৰদান কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে শলাগৰ শৰাই আগবঢ়াই সাংবাদিক ছাইদুল ইছলাম আৰু ডিফু মছজিদ কমিটিৰ সহকাৰী সম্পাদক ৰাজীৱউদ্দিন আহমেদে ৷

লগতে পঢ়ক : কোকৰাঝাৰ ইউ এন একাডেমীত কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.